৩৫বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম হ্রাস কৰিছে কেন্দ্ৰীয় চৰকাৰে
ৰঙিলী বাৰ্ত্তাসেৱা- ডায়েবেটিছ, হৃদৰোগ আৰু মানসিক ৰোগকে ধৰি বিভিন্ন ৰোগৰ ৩৫বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম হ্ৰাস কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ এক অধিসূচনা অনুসৰি এচিক্লফেনাক, পেৰাচিটামল, ট্রি পছিম, ছাইম’ ট্রি পছিম, এম’ক্সিলিন আৰু পটাছিয়াম ক্লেভুলেনেট, এট’ৰভাষ্টেনিটিন আদি ঔষধৰ দাম হ্ৰাস কৰা হৈছে। একেদৰে ডায়েবেটিছ প্রতিৰোধী ঔষধৰ ভিতৰত এম্পাগ্লিফ্লজিন, চিটাগ্লিপটিন আৰু মেটফ’ৰ্মিনৰ দাম হ্রাস কৰা বুলি জনাইছে। ইফালে, হৃদৰোগত ব্যৱহৃত এট’ৰভাষ্টেনিটিন আৰু ক্লপিড’গেলৰ দাম হ্রাসেৰে মধ্যবিত্ত শ্রেণীক সকাহ দিছে চৰকাৰে। অধিসূচনাত এই কথাও কোৱা হৈছে যে প্রতিখন বিপণীয়ে নতুনকৈ নিৰ্ধাৰণ কৰা মূল্য তালিকা ওলমাই ৰাখিব লাগিব। পুৰণি দৰত কোনো বিক্রেটাই বিক্ৰী কৰিলে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰা হৈছে। উল্লেখ্য যে চলিত বৰ্ষৰ বাজেটৰ সময়ত দেশত ৭৪৮বিধ ঔষধৰ মূল্য বৃদ্ধি কৰিছিল কেন্দ্ৰীয় চৰকাৰে। জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিৰ পিছতে দেশবাসীৰ ওপৰত দাঙৰ বোজা পৰিছিল। বিৰোধীয়েও এই সিদ্ধান্তৰ সমালোচনা কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্রই ৩৫বিধ অত্যাৱশ্যকীয় ঔষধৰ মূল্য হ্রাস কৰাৰ সিদ্ধান্তই বিশেষ তাৎপর্য বহন কৰিছে।