৩৪ টা জাপানী প্ৰতিষ্ঠানৰ নেতাসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

pc news on air

৩৪ টা জাপানী প্ৰতিষ্ঠানৰ নেতাসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ত ৩৪ টা জাপানী কোম্পানীৰ শীৰ্ষ বিষয়া আৰু চিইঅ’এছৰ সৈতে এক গোলমেজ বৈঠকত সভাপতিত্ব কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ দ্বাৰা কৰা শেহতীয়া সংস্কাৰৰ বিষয়ে ব্যৱসায়িক নেতাসকলক অৱগত কৰে আৰু তেওঁলোকক “বিশ্বৰ বাবে মেক ইন ইণ্ডিয়া”লৈ আমন্ত্ৰণ জনায়। তেওঁ লগতে ‘জাপান সপ্তাহ’ৰ ৰূপত ভাৰতৰ উন্নয়ন যাত্ৰাত জাপানৰ অৱদান উদযাপনৰ প্ৰস্তাৱ আগবঢ়ায়।