৩১ মাৰ্চৰ পূৰ্বে যান-বাহনৰ কৰ পৰিশোধৰ আহ্বান জিলা  পৰিবহণ বিষয়াৰ

৩১ মাৰ্চৰ পূৰ্বে যান-বাহনৰ কৰ পৰিশোধৰ আহ্বান জিলা পৰিবহণ বিষয়াৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেইদিনমানৰ পিছত চলিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ অন্ত পৰিব। এই সময়ছোৱাতে যান-বাহনৰ গৰাকীৰ বাবে পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে গৰাকীৰ প্ৰিয় বাহনখনৰ পথ কৰ আৰু অন্যান্য যাৱতীয় বকেয়া কৰসমূহ পৰিশোধ কৰাৰ এয়াই অন্তিম সময়। কিয়নো যান-বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি ৰখাটো কেৱল চৰকাৰী নিয়মেই নহয়, ই এগৰাকী সচেতন নাগৰিকৰ সামাজিক দায়বদ্ধতাৰ পৰিচয়। সঠিক সময়ত কৰ পৰিশোধ নকৰিলে বাহনৰ ফিটনেছ চার্টিফিকেট বা অন্যান্য নথি-পত্র নবীকৰণ কৰা অসম্ভৱ হৈ পৰে। – ফলত আপোনাৰ বাহনখন পথত চলাচলৰ ক্ষেত্ৰত আইনী বৈধতা হেৰুৱাব পাৰে। যদিহে কৰ পৰিশোধ নকৰাৰ বাবে বাহনৰ নথি-পত্ৰৰ ম্যাদ উকলি যায়, তেন্তে দুর্ঘটনাবশতঃ কিবা ক্ষয়-ক্ষতি হ’লেও চৰক’ৰ অথবা বীমা কোম্পানীৰ পৰা কোনোধৰণৰ ক্ষতিপূৰণ লাভ নকৰিব। জ্যেষ্ঠ পৰিবহণ বিষয়াগৰাকীয়ে ব্যক্তিগত বাহনকে ধৰি বাণিজ্যিক তথা উদ্যোগ-প্রতিষ্ঠান, বহুজাতিক কোম্পানীত ব্যৱহৃত সকলো শ্ৰেণীৰ বাহনৰ, গৰাকীক অনতিপলমে বকেয়াসহ যাৱতীয় সমুদায় কৰ আদায় দি বাহনসমূহ সকলো ফালৰ পৰা সক্ষম কৰি ৰাখি পথত সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখাত সহযোগিতাৰ হাত আগবঢ়াবলৈ কতিৰ অনুৰোধ জনায়।