৩১ ডিচেম্বৰৰ পাটী কিমানদূৰ গ্ৰহণযোগ্য ? – সুনম বিশ্বাস

Pc The Hype Magazine

৩১ ডিচেম্বৰৰ পাটী কিমানদূৰ গ্ৰহণযোগ্য ?

সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ

মানুহ সমাজপ্ৰিয় জীৱ । সমাজৰ লগত আমাৰ  ওত:প্ৰোত  সম্পৰ্ক বিৰাজমান। সেয়ে সমাজত  সকলোৰে   লগত খাপ খাই চলিবলৈ  অৰ্থাৎ সমাযোজনৰ স্বাৰ্থে   আনৰ ৰীতি-নীতি, আচাৰ –  অনুষ্ঠানবোৰ  আমি সমাহণৰ যোগেদি আপোন কৰি লওঁ।কিন্তু সাম্প্রতিক আধুনিকতাৰ প্ৰবাল সোঁতত যেন পশ্চিমীয়া সংস্কৃতিয়ে  সমাজত আমাৰ সংস্কৃতি ,  পৰম্পৰা ৰক্ষাৰ  পথত অশ্বখুৰা হ্ৰদৰ সৃষ্টি কৰিছে । যাৰ ফলত আমৰ হেঁপাহৰ উৎসৱবোৰ পালনৰ ক্ষেত্ৰতো পাশ্চাত্য ধ্যান- ধাৰণাই গা কৰি উঠিছে । আমি আমাৰ  স্বকীয় সংস্কৃতি , পৰম্পৰাগত  উৎসৱ  বিহু  , উৰুকা  পালন কৰাতকৈ  ৩১  ডিচেম্বৰৰ ৰাতিৰ  পাৰ্টী খুব ধুমধামেৰে পালন  কৰো  ।  ‘ 31st  December  Night ‘ বুলি ক’লে যেন আমি বলিয়া ! সেইদিনা গভীৰ নিশালৈ সুৰা বিপনীৰ দোৱাৰে   স্বাগতম জনাই  ধনী দুখীয়া সকলোকে সহৃদয়ে ; আইন প্ৰশাসনে ক’লা চচমাযোৰ লগাই   আৰামী দলিচাত শুই দিয়ে ।

এইফালে একাপ গাখীৰ  খোৱাৰ  পইচা নাথাকিলেও  বা   দৰিদ্রলোকক সহায় কৰাৰ বন্ধু  নাথাকিলেও  মদৰ  কাপটো মুখলৈ তুলি দিয়াৰ হাতৰ অভাৱ নাই! আজি-কালি  গ্ৰাম্যাঞ্চলতো পশ্চিমীয়া  ধ্যান – ধাৰণাৰ  ,  বা বলিছে । পৰম্পৰাগত ৰীতি – নীতিৰ  খেতিডৰাত যেন বিষাক্ত কীটে ছানি ধৰিছে !   গৃহিনীয়ে একুবু আশা  পালি  হাঁহ- কুকুৰা , পাৰ পোহে ;   বিহুত ল’ৰা – ছোৱালীৰ  মুখত  কেইটামান পিঠা তুলি দিবলৈ  এযোৰ নতুন সাজ কিনিবলৈ ।  কিন্তু পত্নীৰ অলক্ষিতে  গৰাল উদং কৰি  সেইবোৰ বিক্ৰী কৰি স্বামীয়ে মদৰ নিচাত মাতাল হ য় ।  মদাহী লগৰীয়াৰ   লগত  স্ফূৰ্তিৰ গইনা লৈ জুৱাত মত্ত  হৈ  থাকে ।   ৰাতিপুৱাই নিচা এৰাৰ পিছত  ঘৰলৈ গৈ  পত্নীক  অত্যাচাৰ কৰে , এনেকৈ  বহুত নাৰী ঘৰুৱা নিৰ্য্যাতনৰ বলি হয় ।

তাৰোপৰি , এচামে  মদৰ নিচাত মাতাল হৈ   তীব্ৰগতিত  গাড়ী চলাই  দূৰ্ঘটনাৰ স্বীকাৰ হয় । অনাকাংক্ষিত বিপদ মাতি আনে নিজৰ লগতে আনৰ প্ৰাণ সংকটাপন্ন কৰি তোলে আনকি পথৰ দাঁতিত থকা  নিৰীহ জীৱ জন্তুবোৰো বাদ নপৰে ।  গভীৰ নিশালৈ উচ্চ স্বৰত ব্ক্স বজাই   শ্ৰৱণ ডেচিবলৰ  সীমনাৰ পাৰ  ভাঙি দিয়ে । অবতৰীয়া বোমা , ফটাৰ বৰষুণ যেন  শব্দ প্ৰদূষণ  হৈ ধৰালৈ পৰে ,  চৰাইৰ-  চিৰিকটিৰ কথা বাদেই  কপালৰ ঘাম মাটিত পেলাই ঘৰ্মাক্ত দেহাৰে সন্তানক পঢ়া – শুনা কৰোৱা   অভিভাৱকসকলৰ কথা,  যিসকলে আগন্তুক চূড়ান্ত মাধ্যমিক/ উচ্চ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ অধ্যয়নত ব্যাঘাত জন্মাব তেওঁলোকৰ কথা ভৱাৰ হাবিয়াস নাই।  কেবল নিজৰ তথাকথিত আনন্দ উপভোগ কৰাত মত্ত।

গতিকে, আমি  আমাৰ  কলা – সংস্কৃতি, নৱবৰ্ষ আদৰণিৰ  পৰম্পৰা জীয়াই ৰাখিবলৈ  দৃঢ়তৎপৰ নহ’লে , বিদেশী  সংস্কৃতিৰ অৱবাহিকাত নিজকে  ডুবাই দিলে, কালৰ সোঁতত পুনৰাই পশ্চিমীয়া লোকৰ অধীনত জাহ যাব  জাতি, দেশৰ স্বাভিমান। কাগজে-কলমে সংবিধানে স্বাধীন হ’লেও আমি এসময়ত  মানসিকভাৱে  আনৰ গোলাম হৈয়ে থাকিম । স্বাধীন  দেশৰ  পৰাধীন নাগৰিক!
পৰাধীনতাৰ  সোঁতত  উটি – ভাহি  যাবলৈ উদ্যত হ’ম !