৩১ ডিচেম্বৰত ভাৰতত মুক্তি পাব মেথিউ ভনৰ স্পাই-ড্ৰামা ছবি দ্য কিংছ মেন
ৰঙিলী বাৰ্ত্তাসেৱা- চলচ্চিত্ৰ নিৰ্মাতা মেথিউ ভনৰ স্পাই-ড্ৰামা ছবি ‘দ্য কিংছ মেন’ ৩১ ডিচেম্বৰত ভাৰতত নাট্যৰূপে মুক্তি পাব। ৰাল্ফ ফিয়েনছ, জেমাইমা আৰ্টাৰটন, ৰাইছ ইফানছ, হেৰিছ ডিকিনচন আৰু ডিজিমন হাউনচৌ অভিনীত ছবিখন ইংৰাজী আৰু হিন্দী ভাষাত সমগ্ৰ দেশতে মুক্তি পাব। কৰোনাভাইৰাছ মহামাৰীৰ বাবে ‘দ্য কিংছ মেন’ একাধিকবাৰ বিলম্বিত হৈছিল।