৩০ মে’ দিনটো – মৃদুস্মিতা শৰ্মা গোস্বামী

৩০ মে’ দিনটো

মৃদুস্মিতা শৰ্মা গোস্বামী, যোৰহাট

যোৱা বছৰৰে কথা, বাতৰি কাকতখন হাতত লৈ বৰ বৰ হৰফেৰে লিখা শিৰোনামাবোৰত চকু ফুৰাওঁতে এঠাইত গৈ চকুৰ পলকো যেন থমকি ৰৈছিল । কিয়নো,বাতৰিৰ শিৰোনামা দখল কৰা ব্যক্তিজন যে নগাঁৱৰ পুৰণিগুদামৰ। নাম ভোলানাথ বৰুৱা। তাতে আকৌ নামৰ আগতসদাগৰ’ আৰুসাউদ’ লিখা দেখি উৎকণ্ঠা আৰু বাঢ়ি গৈছিল। নিজেও যিহেতু পুৰণিগুদামৰে জীয়ৰী, সেইবাবে লিখনিটো আগ্ৰহেৰে পঢ়াৰ অন্তত, নিজৰ কষ্টোপাৰ্জিত অলেখ  ধন অসমীয়াৰ বাবে, অসমীয়া ভাষা-সাহিত্য তথা শিক্ষাৰ বাবে মুক্তহস্তে দান কৰি তৃপ্তি লাভ কৰা, সেই মহান ব্যক্তিজনৰ বিষয়ে জানিবলৈ পাই স্বাভিমানত বুৰ গৈছিলোঁ। তাৰ আগলৈকে মানুহজনৰ বিষয়ে বা তেখেতৰ মহৎ কৰ্মৰাজিৰ বিষয়ে একোৱেই নাজানিছিলোঁ।

এৰাটো ! তাহানিতে ৰসৰাজ  লক্ষ্মীনাথ বেজবৰুৱাদেৱে কোৱা কথাষাৰৰ সত্যতা যেন প্ৰমাণিত হ’ল । হয়তো মোৰ দৰে বহুজনৰ তেনে অনুভৱেই হৈছিল। “আমি অসমীয়া নহঁও দুখীয়া কিহৰ দুখীয়া হ’ম, সকলো আছিল সকলো আছে নুগুনো নলঁও গম” । 

উৎসুকতা বাঢ়ি যোৱাত “গুগুল” সহায়ত তেখেতৰ বিষয়ে আৰু দুই-এটা লিখনি পঢ়ি জানিব পাৰিলো যে, চিৰকুমাৰ হৈ ৰোৱা বৰুৱাদেৱৰ  শিক্ষাৰ প্ৰতি যঠেষ্ট ধাউতি আছিল যদিও পাৰিবাৰিক অসুবিধাৰ বাবে শিক্ষা জীৱন আধৰুৱাকৈ সমাপ্ত কৰি ব্যৱসায়-বাণিজ্যত মনোনিৱেশ কৰিব লগীয়া হৈছিল। ঊনৈশ শতিকাৰ অন্তিমত আৰু কুৰি শতিকাৰ প্ৰথমাৰ্ধত এইগৰাকী ব্যক্তিয়ে ভাৰতবৰ্ষৰ একাধিক ঠাইত বাণিজ্য তথা ব্যৱসায়িক কেন্দ্ৰ স্থাপন কৰি ব্যৱসায়ৰ লাভাংশৰ এক শকত ধন অসম আৰু বাহিৰৰ নানান শিক্ষা-প্ৰতিষ্ঠান আৰু ভাষা-সাহিত্যৰ উন্নতিৰ হকে ব্যয় কৰিছিল। কলিকতা বিশ্ববিদ্যালয়, কাশী বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানলৈ শকত বৰঙণি আগঢ়োৱাৰ উপৰিও যোৰহাটৰ বিখ্যাত কাৰিকৰী শিক্ষানুষ্ঠান HRH The Prince of Wales Institute of Engineering & Technology (POWIET) প্ৰতিষ্ঠাৰ বাবে তেখেতে ১৯২২ চনতেই এক লাখ টকাৰ আৰ্থিক সহায় আগবঢ়াইছিল। 

তেখেতে দান কৰা মাটিতে ১৯৪৩ চনত স্থাপন কৰা অসমৰ প্ৰসিদ্ধ শিক্ষানুষ্ঠান তথা বহুলভাৱে উচ্ছাৰিত গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়খন তেখেতৰ নামেৰে নামাকৰণ কৰা হৈছিল যদিও ‘বি. বৰুৱা’ ৰ সম্পূৰ্ণ নামটোযে ভোলানাথ বৰুৱা সেই কথা জনা নাছিলোঁ। 

ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কলিকতাত নিগাজীকৈ থাকিবলৈ লোৱা এইগৰাকী কৃতী অসম-সন্তানে  শাৰীৰিক অসুস্থতাৰ বাবে ১৯২৩ চনৰ ৩০ মে’ত কলিকতাৰ হাওৰাৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। 

বিশিষ্ট অসামৰিক সেৱাৰ বাবে ১৯২৪ চনত ব্ৰিটিছ চৰকাৰৰ পৰা Kaiser-i-Hind Gold Medal সন্মান পোৱা তেখেতেই হেনো একমাত্ৰ অসমীয়া।  

উল্লেখযোগ্য যে, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আছিল সাউদ ভোলানাথ বৰুৱাৰ বাণিজ্য সংক্ৰান্তীয় বিশেষ সহযোগী  । 

দৈনন্দিন কৰ্ম ব্যস্ততাৰ মাজতো আনৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰিব পৰা, গুণীৰ গুণৰ শলাগ ল’ব জনা এচাম লোকৰ মহানুভৱতাৰ বাবেই হয়তো যোৰহাটৰ Prince of Wales শিক্ষা প্ৰতিষ্ঠান চৌহদত  বৰুৱাদেৱৰ আবক্ষ মূৰ্তি স্থাপন কৰা কাৰ্য সম্ভৱ হৈ উঠিল। অনুভৱ হ’ল, বাহ্যিকতা আৰু আড়ম্বৰপূৰ্ণ জীৱনশৈলীৰ অবিহনেও ভাল কামৰ যোগেদি মানুহৰ অন্তৰ জয় কৰিব জনা জনে সময়ত উচিত সন্মান পাবলৈ সক্ষম হয়। এনে এজন  মহান  ব্যক্তিৰ  প্ৰতি  সন্মান জনাই ৩০ মে’, তেখেতৰ মৃত্যু দিনটোকবাণিজ্য দিৱস’ হিচাবে পালন কৰিবলৈ  প্ৰয়াস কৰা কাৰ্যৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই তেখেতৰ পূণ্যাত্মাৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।