৩০ মাৰ্চত অনুষ্ঠিত হ’ব আজি বাতিল হোৱা বিজ্ঞানৰ পৰীক্ষা

Pc Guwahati Plus

৩০ মাৰ্চত অনুষ্ঠিত হ’ব আজি বাতিল হোৱা বিজ্ঞানৰ পৰীক্ষা

ৰঙিলী বাৰ্ত্তাসেৱা-   ছেবাই ঘোষণা কৰিলে মেট্ৰিকৰ বাতিল হোৱা বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ দিন। ৩০ মাৰ্চত অনুষ্ঠিত হ’ব বিজ্ঞানৰ পৰীক্ষা। এই ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। লগতে গণিৰগ্ৰামৰ জে আৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বাতিল হোৱা ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব ২৮ মাৰ্চত। প্ৰশ্নকাকত ফাদিল হোৱা বাবে বাতিল কৰা হৈছিল আজি অনুষ্ঠিত হ’বলগীয়া সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা। মাজনিশা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছিল পৰীক্ষা বাতিলৰ কথা।তাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।