৩০ জানুৱাৰী জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ স্মৃতিত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিলো
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
সত্য, অহিংসা আৰু মানৱপ্ৰেমৰ প্ৰতিমূৰ্তি,সেইজনেই জাতীয় পিতা মহামানৱ মহাত্মা গান্ধী ৩০জানুৱাৰীত স্মৃতিত শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ ।
গোটেই বিশ্বই তেওঁৰ জন্মদিন 2অক্টোবৰটো দিনটো অহিংসা দিবস হিচাপে পালন কৰা হয়। এগৰাকী সাধাৰণ সাজপাৰ পিন্ধা অসাধাৰণ ব্যক্তি ।যাৰ কাৰণে আমি স্বাধীন দেশৰ নাগৰিক বুলি নিজকে অভিহিত কৰিব পাৰিছোঁ।বিদেশী বস্ত্ৰ পৰিহাৰ কৰি দেশৰ প্ৰগতিৰ কাৰণে হাতত যঁতৰ লৈ সূতা কাটি নিজৰ বস্ত্ৰ নিজেই তৈয়াৰ কৰিছিল—সেই গৰাকী মহান পুৰুষ মহামানৱ মহাত্মা গান্ধী। শুৱালকুছিৰ বাসিন্দা হিচাপে আমি সৌভাগ্য অনুভৱ কৰিছোঁ ১৯৪৬চনৰ ৯জানুৱাৰীত তেখেত আমাৰ গাঁওত পদাৰ্পন কৰিছিল।
১৯৩৯ চনত পৃথিৱীব্যাপী আৰম্ভ হয় সৰ্বধ্বংশী দ্বিতীয় মহাসমৰ।তাৰ প্ৰবল ঢৌ আমাৰ ভাৰত বৰ্ষৰ বুকুত প্ৰচণ্ড খুণ্ডা মাৰিছিল। সেই খুণ্ডাৰ গুৰি ধৰিছিল মহাত্মা গান্ধী তেওঁৰ নেতৃত্বত আৰম্ভ হৈছিল ভাৰত ত্যাগ আন্দোলন।ইংৰাজে সকলে যেতিয়া ১৯৪৬চনত কলিকতা আৰু নোৱাখালীত হিন্দু আৰু মুছলমান মাজত সাম্প্ৰদায়িকতাৰ বিজ ৰোপণ কৰে ,তাৰ ফল যথেষ্ট হিন্দু আৰু মুছলমানৰ তেজেৰে ৰাঙলী হয় ।তেতিয়া মহাত্মা গান্ধীয়ে একমাত্ৰ ব্যক্তি আছিল যি কলিকতা আৰু নোৱাখালীত গৈ ভ্ৰাতৃপ্ৰেম আৰু অহিংসাৰ বাণীৰে সকলোকে একতাৰ দোলেৰে বান্ধিবলৈ সক্ষম হৈছিল। এই জাতিৰ পিতাজনৰ অৱদান,তেওঁৰ কাৰণে ১৯৪৭ চনৰ ১৫আগষ্টত আমাৰ দেশ ইংৰাজৰ শাসনৰ পৰা মুক্তি লাভ কৰে।