৩০ জানুৱাৰীত ডিব্ৰুগড়ত দ্বিতীয়টো বিধানসভা চৌহদৰ আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে
ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত পুনৰ অসম বিধানসভাৰ ভৱন নিৰ্মাণ হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঐতিহ্যমণ্ডিত ডিব্রুগড় চহৰক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে ডিব্ৰুগড়ত সচিবালয় মুকলি কৰাৰ পাছত পুনৰ অসম বিধানসভাৰ ভৱন নিৰ্মাণ হ’ব ডিব্ৰুগড়ত। তাৰেই পৰিপ্ৰেক্ষিতত অহা ৩০ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ ডিব্ৰুগড়লৈ আহি ৰাজ্যৰ দ্বিতীয়টো বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰিব। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হ’ব লগা বিশাল জনসভাৰ আয়োজনৰ বিষয়ে বুজ লৈ কেবিনেট মন্ত্রী পীযূষ হাজৰিকাই ডিব্ৰুগড়ত সাংবাদিকৰ আগত এই মন্তব্য কৰে। মন্ত্রী পীযূষ হাজৰিকাই পুনৰ কয় যে প্রায় এক লাখ লোকৰ সমাগমেৰে হ’বলগীয়া জনসভাত ৰাইজক সম্বোধন কৰি অমিত শ্বাহে অসমৰ দ্বিতীয়টো এছেম্বলী চৌহদৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়াৰ যি সপোন ৰচিছিল, সেয়াও এতিয়া বাস্তৱায়িত হোৱাৰ পথত। ইয়াৰ পৰৱৰ্তীকালত নিশ্চিতভাৱেই মন্ত্ৰীৰ আৱাস, বিধায়কৰ আৱাস আৰু অন্যান্য গৃহ নিৰ্মাণৰ বাট মুকলি হ’ব বুলিও মন্ত্রী হাজৰিকাই উল্লেখ কৰে। ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ’বলগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল’বলৈ মন্ত্ৰী পীযূষ হাজৰিকাসহ মন্ত্রী প্রশান্ত ফুকন, বিমল বড়া আৰু ডিব্ৰুগড়, তিনিচুকীয়াৰ একাংশ বিধায়ক উপস্থিত হৈ সমগ্ৰ অগ্ৰগতিৰ বুজ লয়।
