৩০ কোটি টকাৰ বিত্তীয় জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ চলচ্চিত্ৰ পৰিচালক বিক্ৰম ভাট
ৰঙিলী বাৰ্ত্তাসেৱা- বলিউডৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা বিক্ৰম ভাটক গ্ৰেপ্তাৰ। বৃহৎ ৩০ কোটি টকাৰ জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বলিউডৰ জনপ্ৰিয় পৰিচালক বিক্ৰম ভাটক। দেওবাৰে মুম্বাই আৰু ৰাজস্থান আৰক্ষীয়ে যৌথ অভিযান চলাই বিক্ৰম ভাটৰ লগতে তেখেতৰ পত্নী শ্বেতাম্বৰী ভাটকো গ্ৰেপ্তাৰ কৰে।উল্লেখ্য যে, অভিযোগ অনুসৰি বিক্ৰম ভাট আৰু তেওঁৰ পত্নীয়ে উদয়পুৰৰ ইন্দিৰা গ্ৰুপ অৱ কোম্পানীৰ স্বত্বাধিকাৰী ডাঃ অজয় মুৰ্দিয়াক প্ৰতাৰণা কৰিছিল। ইয়াৰ পূৰ্বে আৰক্ষীয়ে এই গোচৰৰ ছয় অভিযুক্তলৈও জাননী প্ৰেৰণ কৰিছিল। ৮ ডিচেম্বৰৰ পূৰ্বে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়াৰ পাছতো দুয়ো হাজিৰ নোহোৱাত অৱশেষত গ্ৰেপ্তাৰ কৰে দুয়োকে।ইপিনে,আৰক্ষীয়ে দুয়োকে জিম্মাত লৈ দুয়োৰে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিব। তেওঁলোকক ট্ৰেনজিট ৰিমাণ্ডত উদয়পুৰলৈ নিব বুলি জানিব পৰা গৈছে। তাৰোপৰি,ভুৱা নথি-পত্ৰ দেখুৱাই আৰক্ষীক বিপথে পৰিচালিত কৰা বুলিও দাবী কৰিছিল তেওঁলোকে। অভিযোগ অনুসৰি- বিক্ৰম ভাটে ড° মুৰ্দিয়াৰ প্ৰয়াত পত্নীৰ জীৱনৰ আধাৰত এখন ছবি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল। ছবিখনত দেশত আইভিএফৰ যাত্ৰাৰ কাহিনী দেখুওৱা কথা আছিল। ছবিখন মুক্তিৰ পিছত ২০০ কোটি টকাৰ ব্যৱসায় কৰিব। বিক্ৰম ভাটৰ কথা বিশ্বাস কৰি চিনেমাখনত বিনিয়োগ কৰিবলৈ সন্মত হৈছিল চিকিৎসকগৰাকীয়ে। কিন্তু তেওঁ সেই কাম কৰাৰ বাবদ যি ধন লৈছিল সেই ধন লোৱাৰ পাছতো যেন কাম সম্পূৰ্ণ নকৰিলে।
