৩০০ টকাতে ৰাজ্যৰ ২০ লাখ পৰিয়ালে পাব গেছৰ চিলিণ্ডাৰঃমুখ্যমন্ত্ৰী

৩০০ টকাতে ৰাজ্যৰ ২০ লাখ পৰিয়ালে পাব গেছৰ চিলিণ্ডাৰঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে কঢ়িয়াই আনিছে আন এক সুখবৰ। নতুন বৰ্ষত ৩০০ টকাতে লাভ কৰিব এটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ অভাৱনীয় মূল্যবৃদ্ধিক লৈ প্রায়ে চলি থকা চৰ্চাৰ মাজতে এতিয়াৰে পৰা একোটা ৰন্ধন গেছৰ চিলিণ্ডাৰ ৩০০ টকাত লাভ কৰাৰ সুযোগ পাব আর্থিকভাৱে দুৰ্বল পৰিয়ালসমূহে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। উল্লেখ্য যে সুলভ মূল্যত চাউল, দাইল, চেনি, নিমখ বিতৰণৰ পাছত এইবাৰ হিতাধিকাৰীলৈ ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাৰ ৰন্ধন গেছ ৩০০ টকাত প্রদান কৰিব। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে উল্লেখ কৰিছে যে সুলভ মূল্যত দাইল, চেনি, নিমখ বিতৰণৰ পিছত এইবাৰ আমি প্ৰতিগৰাকী যোগ্য বিবেচিতলৈ প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ২৫০ টকা অতিৰিক্ত ৰেহাই দিবলৈ আগবাঢ়িছোঁ। মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিয়ে ৰাজ্যৰ ২০ লাখ পৰিয়াললৈ স্বস্তি আৰু আনন্দ কঢ়িয়াই আনিব বুলি আমি আশাবাদী। উল্লেখ্য যে পিএম উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে ৩০০ টকাত এই চিলিণ্ডাৰ লাভ কৰিব। একেদৰে অৰুণোদয়ৰ অধীনত হিতাধিকাৰীয়ে পাব অতিৰিক্ত ২৫০ টকাৰ সাহায্য। ইয়াৰ জৰিয়তে ৰাজ্যৰ ২০ লাখ পৰিয়াল লাভান্বিত হ’ব। মন কৰিবলগীয়া যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পূর্বেও ঘোষণা কৰিছিল যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা প্ৰতিটো চিলিণ্ডাৰৰ বাবদ ২৫০ টকা ৰাজসাহায্য প্রদান কৰা হ’ব। ইয়াৰ ফলত প্রধানমন্ত্রী উজ্জ্বলা যোজনাৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম ৩০০ টকা হ’ব। এটা বছৰত ৯টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰত এই ৰাজসাহায্য লাভ কৰিব প্ৰতিটো হিতাধিকাৰীৰ পৰিয়ালে। উল্লেখ্য যে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰ বৰ্তমান একোটা পৰিয়ালে ৰাজসাহায্যসহ ৮৫০ টকাত লাভ কৰে। এই মূল্যৰ বিপৰীতে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৩০০ টকা হিতাধিকাৰীয়ে ৰাজসাহায্য লাভ কৰে। ইয়াৰ ফলত একোটা ৰন্ধন গেছৰ মূল্য হয়গৈ ৫৫০ টকা। মুখ্যমন্ত্রী ড° শৰ্মাই জানুৱাৰী মাহৰ পৰা হিতাধিকাৰীসকলক অতিৰিক্তকৈ ২৫০ টকা ৰাজসাহায্য প্রদান কৰিব। ইয়াৰ ফলত প্রধানমন্ত্রী উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছ লাভকৰাসকলে একোটা চিলিণ্ডাৰ জানুৱাৰী মাহৰ পৰা ৩০০ টকাতে লাভ কৰিব। ২০১৬ চনৰ ১ মে’ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰিছিল ‘প্ৰধানমন্ত্ৰী উজ্বলা যোজনা’। দেশৰ গৃহিণীসকলক ধোঁৱাৰ পৰা মুক্তি দিয়াৰ উদ্দেশ্যৰে প্রধানমন্ত্ৰীয়ে এই আঁচনি প্ৰৱৰ্তন কৰিছিল।