২ নং ৰামপুৰ ৮ নং গ্ৰেণ্ট অঙ্গনৱাড়ী কেন্দ্ৰত পৰিপূৰক পোষণ দিৱস উদযাপন

২ নং ৰামপুৰ ৮ নং গ্ৰেণ্ট অঙ্গনৱাড়ী কেন্দ্ৰত পৰিপূৰক পোষণ দিৱস উদযাপন

বুলমণি বৰি, লখিমপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- শিশুৰ পুষ্টিৰ মান পৰিমাণ আৰু শিশুক সঘনতাৰ খাদ্য প্ৰদানৰ প্ৰয়োজনীয়তাৰ বিষয়ে সমাজখনক সংবেদনশীল কৰি তোলাৰ উদ্দেশ্যেৰে ৯ আগষ্ট তাৰিখে ২ নং ৰামপুৰ ৮ নং গ্ৰেণ্ট অঙ্গনৱাড়ী কেন্দ্ৰত ৰামপুৰ বগীবিল গাওঁ পঞ্চায়তৰ অন্তৰ্গত অঙ্গনৱাড়ী কেন্দ্ৰৰ সমূহ কৰ্মী সহায়িকাই একত্ৰিত হৈ পালন কৰিলে পৰিপূৰক পুষ্টি সপ্তাহৰ এটা বিশেষ দিন। উক্ত অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে নাওবৈচা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ৰামপুৰ বগীবিল শাখাৰ মুখ্যসেৱীকা শ্ৰীযুতা নমি দত্তই। তেখেতে কয় যে ৬ মাহ বয়সৰ পৰা শিশুৰ শক্তি আৰু পুষ্টিকৰ উপাদানৰ প্ৰয়োজনীয়তা বৃদ্ধি পায় আৰু সেই প্ৰয়োজনীয়তা মাতৃ দুগ্ধৰ পৰা পোৱা শক্তি আৰু পুষ্টিকৰ উপাদানতকৈ বেছি হ’বলৈ আৰম্ভ কৰে। সেই প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ শিশুক পৰিপূৰক খাদ্যৰ প্ৰয়োজন হৈ পৰে।এই বয়সত কেঁচুৱা এটাই বিকাশৰ বাবে মাতৃৰ গাখীৰৰ বাহিৰেও আন খাদ্যৰ ওপৰত নিৰ্ভৰশীল হয়।দেহৰ বৃদ্ধি,ক্ষয় পূৰণ আৰু শক্তি লাভৰ কাৰণে একান্তই প্ৰয়োজন পুষ্টিকৰ খাদ্য। পুষ্টিৰ জৰিয়তে দেহৰ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠাৰ লগতে শৰীৰৰ শক্তি সঞ্চিত হৈ গৈ থাকে ভৱিষ্যতৰ বাবে। সুস্থ শৰীৰ গঢ়ি তুলিব পাৰি শৈশৱকালতে।  শিশুক ডাঙৰ কৰোঁতে শিশুৰ খাদ্যৰ প্ৰতি থকা গুৰুত্বতাৰ বিষয়ে বিস্তৃত ভাষণ প্ৰদান কৰে বক্তাগৰাকীয়ে।

আশা কৰ্মী লক্ষীমাই সোণোৱালে  কয় যে এটি শিশুক পুষ্টিকৰ আহাৰ যেনেকৈ প্ৰয়োজন সমান্তৰালকৈ প্ৰতিষেধক টিকাকৰণো প্ৰয়োজন।প্ৰতিষেধনে শিশুক শিশুকালত হ’ব পৰা কিছুমান অতি বিপদজনক ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে। বহু পিতৃ মাতৃয়ে শিশুৰ জ্বৰ কাঁহ পানীলগা পেটচলা আদি বিভিন্ন ৰোগত ভূগিলে প্ৰতিষেধন দিয়াব নুখুজে কিন্তু তেনে সৰু সৰু অসুস্থতাত প্ৰতিষেধন প্ৰদান কৰাতো যে অতি নিৰাপদ সেই সম্পৰ্কে ভাষণ আগবঢ়ায় ।অঙ্গনৱাড়ী কৰ্মী বুলমণি বৰিয়ে আঁত ধৰা অনুষ্ঠানতো জাতীয় সঙ্গীতেৰে সফল সামৰণি পৰে।