২৯ মে’ত গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

২৯ মে’ত গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ২৯ মে’ত অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ উদ্যোগত আৰু মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেলৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মধুমেহ আৰু ৰক্তচাপ পৰীক্ষা শিবিৰ অনুষ্ঠিত হ’ব। উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰত মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেলৰ অভিজ্ঞ চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়াব৷ উক্ত শিবিৰত সকলো সাংবাদিকৰে উপস্থিতি কামনা কৰিছে গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক সঞ্জয় ৰায়ে৷