২৯ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে নিকোলাচ পুৰাণে

২৯ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে নিকোলাচ পুৰাণে

ৰঙিলী বাৰ্ত্তাসেৱা- শেহতীয়া কিছু দিনত কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰ অৱসৰৰ সিদ্ধান্তই অনুৰাগীক আচৰিত কৰি তুলিছে। ভাৰতীয় তাৰকা ৰোহিত শৰ্মা-বিৰাট কোহলীৰ পৰা আৰম্ভ কৰি অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেল আৰু দক্ষিণ আফ্ৰিকাৰ হেনৰিখ ক্লাছেনৰ অৱসৰৰ ঘোষণাই বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলৰ আচৰিত কৰি তোলাৰ সমান্তৰালকৈ আনফালে স্বাভাৱিকতেই দুখীও কৰি তুলিছে। এই তাৰকাসকলৰ পিছত এতিয়া আন এগৰাকী তাৰকা ক্ৰিকেটাৰে সকলো প্ৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা কৰি অনুৰাগীক হতবাক কৰি তোলে৷ ৱেষ্ট ইণ্ডিজৰ অন্যতম বিস্ফোৰক আৰু নিৰ্ভৰযোগ্য বগা বল ক্ৰিকেটাৰ হিচাপে খ্যাত নিকোলাছ পুৰাণে লৈছে অৱসৰৰ সিদ্ধান্ত ৷ মাত্ৰ ২৯ বছৰ বয়সত পুৰাণে আন্তঃৰাষ্ট্ৰীয় সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে । তেওঁ পোষ্টটোত উল্লেখ কৰিছিল যে এয়া তেওঁৰ বাবে কঠিন আছিল ৷ কিন্তু এই সিদ্ধান্তত উপনীত হোৱাৰ আগতে তেওঁ বহুবাৰ চিন্তা কৰিছিল ।পুৰাণে পোষ্টটোত এনেদৰে লিখিছিল ‘‘মেৰুণ ৰঙৰ চাৰ্ট পিন্ধি ৰাষ্ট্ৰীয় সংগীতৰ বাবে থিয় হোৱা আৰু প্ৰতিবাৰ খেলপথাৰত ভৰি দিলেই মোৰ সকলোখিনি দিয়া। মোৰ বাবে ইয়াৰ প্ৰকৃত অৰ্থ কি, সেয়া শব্দৰে প্ৰকাশ কৰাটো কঠিন । অধিনায়ক হিচাপে দলটোক নেতৃত্ব দিয়াটো এক সৌভাগ্য আৰু মই ইয়াক সদায় হৃদয়ত ধৰি ৰাখিম ।’’এই বাৰ্তাত পুৰাণে তেওঁৰ সতীৰ্থ, অনুৰাগী, পৰিয়াল, আৰু বন্ধু-বান্ধৱীক ধন্যবাদ জনাইছে। লগতে তেওঁ কয় যে অৱসৰৰ পিছতো ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ প্ৰতি তেওঁৰ প্ৰেম ম্লান নহয়। লগতে জাতীয় দলৰ প্ৰতিজন ক্ৰিকেটাৰক ভৱিষ্যতৰ বাবে শুভেচ্ছাও জনায়। উল্লেখ্য যে ১৯৯৫ চনৰ ২ অক্টোবৰত ট্ৰিনিদাদ আৰু ট’বেগোত জন্মগ্ৰহণ কৰা নিকোলাছ পুৰাণে ২০১৬ চনত ৱেষ্ট ইণ্ডিজৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল। ৱেষ্ট ইণ্ডিজৰ হৈ ৬১খন এদিনীয়া মেচত ৩৯.৬৬ গড়ে ১৯৮৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ১০৬খন টি-২০ মেচত ২২৭৫ ৰান সংগ্ৰহ কৰিছিল পুৰাণে। লক্ষণীয়ভাৱে পুৰাণৰ নামতে আছে ৱেষ্ট ইণ্ডিজৰ হৈ সৰ্বাধিক টি-২০ মেচ খেলা আৰু সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ।আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও পুৰাণে অৱশ্যে ফ্ৰেন্সাইজি ক্ৰিকেটত অংশগ্ৰহণ কৰি যাব।