২৯ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভাৰ আয়োজন

Pc Dainandin Barta

২৯ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভাৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ২০ জুলাইত গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আয়োজিত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভাখন থূলৰ অভাৱত স্থগিত ৰাখিবলগীয়া হৈছিল। অনানুষ্ঠানিক সভাখনত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বিশেষকৈ ক্লাবৰ সংবিধান সংশোধনী, সদস্যসকলৰ স্বাস্থ্য বীমাৰ ওপৰত উপস্থিত বহুকেইগৰাকী সদস্যই নিজৰ নিজৰ বক্তব্য ৰাখে। ভালেসংখ্যক জ্যেষ্ঠ সদস্যই ক্লাবৰ কৰণীয় সন্দৰ্ভত বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। সংবিধান অনুসৰি অনতিপলমে পুনৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হ’ব বুলি প্ৰস্তাৱ লোৱা হৈছিল৷ এই সভাত ভৱিষ্যতে ক্লাবৰ ৰূপায়িত হ’ব লগা আঁচনিসমূহ উত্থাপন কৰি সংবিধানৰ বিধান অনুযায়ী প্ৰস্তাৱ গ্ৰহণ কৰি কামত আগবাঢ়ি যোৱাৰ বাবে কৰ্মসূচী প্ৰস্তুত কৰা হ’ব বুলি প্ৰস্তাৱ লোৱা হৈছিল৷ সেই অনুসৰি ২৯ নৱেম্বৰ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত পুৱা ১০-৩০ বজাত সাধাৰণ সভা অনুষ্ঠিত হ’ব৷ উক্ত সভাত গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকলৰ উপস্থিতি কামনা কৰিছে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক
সঞ্জয় ৰায়ে৷