২৯ জুলাইত উৰিয়ামঘাটত চলিব উচ্ছেদ অভিযান

২৯ জুলাইত উৰিয়ামঘাটত চলিব উচ্ছেদ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা-গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত বহু দিন ধৰি চলি অহা অবৈধ দখলক লৈ এতিয়া চৰকাৰে কঠোৰ ভূমিকা গ্রহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উৰিয়ামঘাটৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰাৰ পাছত বিধায়ক বিশ্বজিৎ ফুকনে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যে অহা ২৯ জুলাইত আনুষ্ঠানিকভারে উচ্ছেদ অভিযান আৰম্ভ কৰা হ’ব। বিশ্বজিৎ ফুকনে সামাজিক মাধ্যমত লিখে- ২৯ জুলাই ২০২৫ সৰুপথাৰৰ বাবে এটা ঐতিহাসিক দিন হ’ব। ধন্যবাদ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক। এই মন্তব্যৰ পৰা স্পষ্ট যে উৰিয়ামঘাটত ২৯ জুলাইত আৰম্ভ হ’ব উচ্ছেদ অভিযান। ইফালে, বন বিভাগে অঞ্চলটোত মাইকযোগে উচ্ছেদিতসকলক ২৮ জুলাইৰ ভিতৰত স্থান এৰি যাবলৈ আহ্বান জনায়। ইতিমধ্যে জেচিবি, পকলেন আৰু উচ্ছেদত ব্যৱহৃত আন আন সামগ্ৰী উৰিয়ামঘাটত সাজু কৰি ৰখাৰ উপৰি কেইবাশ বনকর্মী অভিযানৰ বাবে সাজু হৈ উঠিছে। আইন-শৃংখলা ৰক্ষা আৰু সম্ভাব্য প্রতিবাদ নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষী আৰু চিআৰপিএফৰ বিশাল বাহিনী অঞ্চলটোত মোতায়েন কৰা হৈছে। ইতিমধ্যে মকড্রিলো সম্পন্ন হৈছে বুলি এক বিশেষ সূত্ৰৰ যোগে জানিব পৰা গৈছে। উচ্ছেদৰ বাবে অহা আৰক্ষী আৰু চিআৰপিএফৰ লোকৰ বাবে বৃহৎ বৃহৎ শিবিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে। মুখ্যমন্ত্ৰীয়ে উচ্ছেদস্থলী ভ্ৰমণৰ পাছতে উচ্ছেদৰ বাবে চৰকাৰ, প্ৰশাসন আৰু বন বিভাগ অতি তৎপৰতাৰে সাজু হৈ উঠিছে। বন বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, প্রথমে ৰেংমা সংৰক্ষিত বনাঞ্চলৰ শুনাৰীবিলৰ পৰা আৰম্ভ হ’ব এই বৃহৎ উচ্ছেদ অভিযান। ৩ দিনত প্রায় ছশ কৰ্মচাৰীয়ে ১১ হাজাৰ বিঘা মাটিত চলাব এই উচ্ছেদ অভিযান। ইফালে চৰকাৰ প্রশাসনে উচ্ছেদৰ বাবে এনে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছতো একাংশ লোকে এতিয়াও বেদখলস্থলী এৰি নোযোৱাত উৰিয়ামঘাটৰ উচ্ছেদস্থলী কোন দিশে যাব সেয়া সময়েহে নিশ্চিত কৰিব।