২৯ ছেপ্টেম্বৰৰ‌ পৰা   বৃহত্তৰ পাঞ্জাবাৰী বতাহঘুলী বৰ নামঘৰৰ ২৩তম প্ৰতিষ্ঠা দিৱস আৰু শংকৰ উৎসৱ

২৯ ছেপ্টেম্বৰৰ‌ পৰা   বৃহত্তৰ পাঞ্জাবাৰী বতাহঘুলী বৰ নামঘৰৰ ২৩তম প্ৰতিষ্ঠা দিৱস আৰু শংকৰ উৎসৱ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী মহানগৰীৰ অন্যতম সনাতন ধৰ্মৰ কেন্দ্ৰস্থল বৃহত্তম পাঞ্জাবাৰী বতাহঘূলি  বৰ নামঘৰৰ ২৩ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অহা ২৯ ছেপ্টেম্বৰত জয়-বিজয়   উন্মোচন কৰা হ’ব। ইয়াৰ লগতে ২ অক্টোবৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোউৎসৱৰো ব্যাপক আয়োজন কৰা হৈছে। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ মূল কাণ্ডাৰী মহাপুৰুষ দুজনাৰ কৃষ্টি সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে  বতাহঘূলি ৰাইজৰ অশেষ ত্যাগ আৰু প্ৰচেষ্টাত গঢ় লৈ উঠা বৰ নামঘৰত হিন্দু পুৰাণ অনুসৰি  শ্ৰীবিষ্ণুৰ আবাস অৰ্থাৎ বৈকুণ্ঠৰ দুজন দ্বাৰপাল জয় বিজয় উন্মোচন কৰিব তেজপুৰ চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱ গোস্বামীয়ে।   পৰিচালনা সমিতিৰ সভাপতি বিজয় বল্লভ গোস্বামী, কাৰ্যকৰী সভাপতি ৰণজিত কুমাৰ বৰুৱা, সাধাৰণ সম্পাদক দেৱেশ্বৰ কাকতিয়ে জনোৱা মতে পুৱা ৪.৩০ বজাৰ পৰা মঙ্গলাচৰণ, ৬.৩০ পৰা ধৰ্মধ্বজা উত্তোলন, গায়ন-বায়নৰ মঙ্গল ধ্বনিৰ লগতে ১০ বজাত  জয় বিজয় উন্মোচন কৰা হ’ব।   অনুষ্ঠানত কেইবাগৰাকী যশস্বী সাংবাদিক  তথা কেইবাজনো শিল্পী সাহিত্যিক উপস্থিত থাকিব।  ইয়াৰ পাছতে আয়তীসকলৰ উৰুলি ধ্বনিৰ  সমান্তৰালকৈ গায়ন-বায়ন,ডবা, কাঁহ, শংখ, ঘন্টাৰ এক আকৰ্ষণীয় মাঙ্গলিক কাৰ্যসূচীৰ লগতে   সত্ৰাধিকাৰ ভৱ গোস্বামীৰ নামাচাৰ্যত সমূহীয়া নাম প্ৰসংগ অনুষ্ঠিত হ’ব। প্ৰতিষ্ঠা দিৱস আৰু ২ অক্টোবৰৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭তম জন্মোউৎসৱৰ  সমূহ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি  উদ্বোক্তা সকলে একান্তই কামনা কৰিছে।