২৮ মে’ৰ পৰা ৩ জুনলৈকে অনুষ্ঠিত হ’বলগীয়া  হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল  পৰীক্ষা শান্তিপূৰ্ণভাবে অনুষ্ঠিত কৰাৰ সন্দৰ্ভত ডিব্ৰুগড় জিলাত ১৪৪ ধাৰা

২৮ মে’ৰ পৰা ৩ জুনলৈকে অনুষ্ঠিত হ’বলগীয়া  হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল  পৰীক্ষা শান্তিপূৰ্ণভাবে অনুষ্ঠিত কৰাৰ সন্দৰ্ভত ডিব্ৰুগড় জিলাত ১৪৪ ধাৰা
 এম হাছিম  আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ২৮ মে’ৰ পৰা ৩ জুনলৈকে ডিব্ৰুগড়ৰ জিলাৰ  ভিক্টোৰিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় ডিব্ৰুগড়, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, বামুণবাৰী হাইস্কুল আৰু ডিব্ৰুগড় চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া  হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল  পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে এক আদেশ যোগে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত  তাৎক্ষণিকভাৱে জিলাখনত কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।  নিষেধাজ্ঞা অনুসৰি ওপৰত উল্লেখিত পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকর্তৃত্বশীলভাবে যিকোনো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। কেৱল পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী (কৰ্তৃপক্ষৰ দ্বাৰা যথাযথভাবে স্বাক্ষৰিত বৈধ প্ৰবেশ পত্ৰ সহিত), পৰীক্ষাত নিয়োজিত বিষয়া- কৰ্মচাৰী তথা আইন শৃংখলা আৰু জৰুৰীকালীন সেৱাত নিয়োজিত চৰকাৰী বিষয়া- কৰ্মচাৰী সকলকহে এই নিষিদ্ধ এলেকা অৰ্থাৎ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰবেশ কৰিবলৈ দিয়া হ’ব। পৰীক্ষাৰ সময়ছোৱাত কৰ্তব্যৰত বিষয়া-কৰ্মচাৰীসকলৰ বাহনৰ বাহিৰে পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আন কোনো ব্যক্তিৰ বাহনৰ পাৰ্কিং তথা চলাচলৰ অনুমতি দিয়া নহ’ব। পৰীক্ষা কেন্দ্ৰৰ ভিতৰত পৰীক্ষাৰ্থীয়ে কেলকুলেটৰ, মোবাইল ফোন, যিকোনো ধৰণৰ যোগাযোগৰ ইলেক্ট্ৰনিক সঁজুলি বা যিকোনো ধৰণৰ আপত্তিজনক সামগ্ৰী লগত ৰখাটো নিষিদ্ধ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ পৰা ৫০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যিকোনো খাদ্যৰ বিপনী খোলাৰো অনুমতি দিয়া নহ’ব। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব আৰু কোনো ব্যক্তিয়ে এই নিষেধাজ্ঞা  উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব আদেশত কোৱা হৈছে।