২৮ আৰু ২৯ জুলাইত অপাৰেচন সিন্দূৰক লৈ লোকসভাত বিতর্ক

২৮ আৰু ২৯ জুলাইত অপাৰেচন সিন্দূৰক লৈ লোকসভাত বিতর্ক

ৰঙিলী বাৰ্ত্তাসেৱা- বিৰোধীৰ বিভিন্ন দাবীৰ পৰিপ্ৰেক্ষিতত সংসদৰ বর্ষাকালীন অধিৱেশনত অচলাৱস্থা অব্যাহত আছে। বিৰোধীয়ে অধিৱেশনৰ আৰম্ভণিৰ দিনাই অপাৰেচন সিন্দূৰ আৰু পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক লৈ প্রধানমন্ত্ৰীৰ বক্তব্যৰ দাবীৰ লগতে বিহাৰৰ ভোটাৰ তালিকাৰ এছআইআৰক লৈ বিৰোধিতাৰে দুয়ো সদনৰ মজিয়া উত্তাল কৰি ৰাখিছে। বিৰোধী দলে বিহাৰৰ ভোটাৰ তালিকাৰ এছআইআৰক লৈ প্ৰতিবাদ সাব্যস্ত কৰি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাত দুয়ো সদনৰ কাম-কাজত অচলাৱস্থাৰ সৃষ্টি হয়। পুৱা লোকসভাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে বিৰোধীয়ে বিহাৰৰ এছআইআৰক লৈ তীব্র প্রতিবাদ সাব্যস্ত কৰে। হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত অধ্যক্ষই দুবাৰকৈ সদনৰ কাম-কাজ স্থগিত ৰাখে। বিয়লি ২ বজাত সদনৰ কাম-কাজ পুনৰ আৰম্ভ হোৱাত বিৰোধীয়ে একেই পৰিস্থিতিৰ সৃষ্টি কৰাত দিনটোৰ বাবে কার্যসূচী স্থগিত ঘোষণা কৰে অধ্যক্ষই। ইপিনে, ৰাজ্যসভাতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। বিহাৰক লৈয়েই বিৰোধীৰ প্ৰতিবাদত উচ্চ সদনৰ কাম-কাজ কাইলৈ স্থগিত ৰাখিবলগীয়া হয়। ইপিনে, বিৰোধীৰ চাপত কেন্দ্ৰীয় চৰকাৰে লোকসভা আৰু ৰাজ্যসভাত অপাৰেচন সিন্দুৰ আৰু পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ বিতৰ্কৰ বাবে সন্মতি প্রদান কৰে। অৰ্থাৎ লোকসভা আৰু ৰাজ্যসভাত অপাৰেচন সিন্দুৰক লৈ বিতৰ্কৰ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্যসভাত বিজনেছ এডভাইছ’ৰী কমিটীয়ে আজি বিৰোধী দলৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি অপাৰেচন সিন্দূৰৰ বিতৰ্কৰ সময়সীমা নির্ধাৰণ কৰে। সেইমৰ্মে ২৮ জুলাইত লোকসভাত এই বিতর্ক ১৬ ঘণ্টা ধৰি চলিব। আনপিনে, ২৯ জুলাইত ৰাজ্যসভাত ৯ ঘণ্টা ধৰি চলিব বিতর্ক। গুৰুত্বপূৰ্ণ যে এই বিষয় দুটাত প্ৰধানমন্ত্ৰীৰ ভাষ্য বিচাৰি বিৰোধীয়ে জনাই অহা দাবীও মানি লোৱাৰ ইংগিত দিছে চৰকাৰে। দুয়ো সদনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দূৰক লৈ মন্তব্য আগবঢ়াব বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে। উল্লেখ্য যে অপাৰেচন সিন্দূৰৰ সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ মধ্যস্থতাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভূমিকা লোৱা বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰি থকাৰ পৰিপ্ৰেক্ষিতত বিৰোধীয়ে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰা স্পষ্ট মন্তব্য বিচাৰিছে।