২৭ বছৰীয়া অপেক্ষাৰ অৱসানঃবিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ জয় দক্ষিণ আফ্রিক
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত শাপমুক্ত হ’ল দক্ষিণ আফ্ৰিকা। সুদীর্ঘ ২৭ বছৰৰ পাছত দক্ষিণ আফ্রিকাই জয় কৰিলে আইচিচিৰ ট্ৰফী। এই সুদীৰ্ঘ সময়ত কেইবাবাৰো দলটোৱে আই চি চিৰ কেইবাখনো মেগা ইভেণ্টত ট্ৰফীৰ কাষ চাপিছিলি যদিও সেই ট্ৰফী হাতত তুলি লোৱাৰ সুযোগৰ পৰা বঞ্চিত হৈছিল। এই সুদীর্ঘ সময়ত দলটোৱে আইচিচিৰ কেইবাখনো মেগা প্রতিযোগিতাৰ ট্ৰফীৰ কাষ চাপিও ট্রফী হাতত তুলি লোৱাৰ সুযোগৰ পৰা বঞ্চিত হৈছিল। ১৪ জুন ২০২৫ চনত ক্ৰিকেটৰ মক্কা স্বৰূপ লৰ্ডছত আহিল সেই মাহেন্দ্র ক্ষণ। ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত চেম্পিয়ন হ’ল প্রটিয়াজ বাহিনী। অন্ত পৰিল ২৭ বছৰীয়া শূন্যতা। বর্ণ বৈষম্য নীতিৰ বাবে ২১ বছৰ নিৰ্বাসনত থকা দক্ষিণ আফ্রিকা পুনৰ উভতি আহি ১৯৯৮ চনত চেম্পিয়নছ ট্রফী লাভ কৰিছিল যদিও বিশ্ব ক্রিকেটত খ্যাতি অৰ্জন কৰিব পৰা নাছিল। অৱশেষত টেম্বা বাভুমাৰ নেতৃত্বত দক্ষিণ আফ্রিকাই সুদীর্ঘ ২৭ বছৰে সহি অহা বদনামৰ পৰা মুক্তি লাভ কৰে। লর্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখনৰ তৃতীয় দিনাই প্রটিয়াজ বাহিনীয়ে বিজয় প্রায় নিশ্চিত কৰি তুলিছিল। কেংগাৰু বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ২৮২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি এইডেন মাৰ্কৰামৰ অপৰাজিত ১০২ আৰু অধিনায়ক টেম্বা বাভুমাৰ অপৰাজিত ৬৫ ৰানৰ সহায়ত দক্ষিণ আফ্রিকাই তৃতীয় দিনা দুটা উইকেট হেৰুৱাই ২১৩ ৰান সংগ্ৰহ কৰি মেচখনত নিশ্চিত বিজয়ৰ দিশে আগবাঢ়িছিল। জয়ৰ বাবে আৰু মাত্র ৬৯ ৰানৰ প্ৰয়োজনৰ সময়তে তৃতীয় দিনৰ খেলৰ সমাপ্তি ঘটিছিল। হাতত আঠটা উইকেট থকা অৱস্থাত ৬৯ ৰানৰ জয়ৰ লক্ষ্যৰে ইনিংছ মুকলি কৰিবলৈ আহি প্রটিয়াজ বাহিনীয়ে প্রয়োজনীয় ৰানখিনি সংগ্ৰহ কৰি ডব্লিউটিচিৰ খিতাপ জয় কৰাই নহয়, ইতিহাসো ৰচনা কৰে। মেচখনত দক্ষিণ আফ্রিকাই অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰে। আগদিনা ১০২ ৰানত বেটিং কৰি থকা মাৰ্কৰামে ১৩৬ ৰানত বিদায় লয়। ইফালে, আগদিনা ৬৫ ৰানত ক্রিজত থকা বাভুমাই মাত্র ১ ৰান কৰিয়েই বিদায় লয়। অৱশ্যে ডেভিদ বেডিংহামে মাৰ্কৰামৰ সৈতে লগ লাগি দলৰ জয় নিশ্চিত কৰি তোলে। বেডিংহামে ২১ ৰান কৰি অপৰাজিত হৈ থাকে। ভেৰেনীয়ে চাৰি ৰানত নটআউট হৈ থকাৰ বিপৰীতে ষ্টাবছে ৮ ৰান কৰি বিদায় লয়। অষ্ট্ৰেলিয়াৰ হৈ মিচেল ষ্টার্কে সর্বাধিক তিনিটা উইকেট লাভ কৰে। মেচখনত দক্ষিণ আফ্রিকাৰ জয়ত মুখ্য ভূমিকা লোৱা মাৰ্কৰামে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।