২৭ ফেব্ৰুৱাৰীতে ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব দৰমহাঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যিক কৰ্মচাৰীলৈ আগতীয়াকৈ হোলীৰ উপহাৰ আগবঢ়ালে ৰাজ্য চৰকাৰে। ৰাজ্যিক কৰ্মচাৰীৰ চলিত মাহৰ দৰমহা ২৭ ফেব্ৰুৱাৰীতে প্রদান কৰা হ’ব। সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রীয়ে এক্স হেণ্ডেলযোগে প্রকাশ কৰে যে হোলীৰ আনন্দ একেলগে থকাৰ সময়। আমাৰ নিষ্ঠাৱান ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতি কৃতজ্ঞতাৰ ইংগিত হিচাপে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ বাবে নিৰ্ধাৰিত দৰমহা ২৭ ফেব্ৰুৱাৰীতে ক্রেডিট কৰা হ’ব। আপোনালোক আৰু আপোনাৰ পৰিয়াললৈ সজীৱ আৰু সমৃদ্ধিশালী কামনা কৰিলোঁ। উল্লেখ্য যে চলিত ফেব্ৰুৱাৰী মাহৰ দৰমহা সাধাৰণতে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত আদায় দিয়া হয় যদিও হোলী উপলক্ষে এইবাৰ ২৭ ফেব্ৰুৱাৰীতে ৰাজ্যিক কৰ্মচাৰীসকলে দৰমহা লাভ কৰিব।
