২৭ জুনত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ
গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ২৭ জুন সন্ধিয়া ৬.৩০ বজাৰ পৰা এখন বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ অনুষ্ঠিত হ’ব। ৱেবিনাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । এই ৱেবিনাৰখনত অষ্টম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীসকলে অংশগ্রহণ কৰিব পাৰিব, লগতে পিতৃ-মাতৃ বা অভিভাৱকসকলেও অংশগ্রহণ কৰিব পাৰিব। এই ৱেবিনাখনি গুগল মিটৰ যোগেদি অনুষ্ঠিত হ’ব আৰু ইয়াত যোগদান কৰিবৰ বাবে ক’ড (code) হ’ল nzk-ynhq-kuu । এই ৱেবিনাখনিৰ সবিশেষ জানিব বিচৰা আগ্রহী শিক্ষাৰ্থী তথা পিতৃ-মাতৃ আৰু অভিভাৱকসকলে ই-মেইল ( hod.mne@dbuniversity.ac.in ) বা হোৱাটচএপত (৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰিব।
