২৬/১১ৰ মূল ষড়যন্ত্ৰকাৰী তাহাউৰ ৰানাক ভাৰতলৈ প্রত্যর্পণ 

২৬/১১ৰ মূল ষড়যন্ত্ৰকাৰী তাহাউৰ ৰানাক ভাৰতলৈ প্রত্যর্পণ 

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত ২৬/১১ৰ মুম্বাই আক্ৰমণৰ মূল ষড়যন্ত্রকাৰী পাকিস্তানী-কানাডাৰ নাগৰিক তাহাউৰ ৰানাক আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যর্পণ কৰা হ’ল। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(নিয়া)ই বিশেষ বিমানেৰে কুখ্যাত সন্ত্রাসবাদীটোক লৈ ভাৰতলৈ যাত্ৰা আৰম্ভ কৰিছে। কুখ্যাত সন্ত্রাসবাদী ৰানাক লৈ ‘নিয়া’ৰ বিশেষ বিমান ক’ত অৱতৰণ কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও মুম্বাই আৰু দিল্লীত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। দিল্লী আৰু মুম্বাইৰ কাৰাগাৰসমূহতো নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে। ২৬/১১ মুম্বাই ভয়াৱহ সন্ত্রাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী তাহাউৰ ৰানাক ভাৰতলৈ প্ৰত্যপৰ্ণৰ সিদ্ধান্ত ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে গ্ৰহণ কৰাৰ পিছতে সন্ত্রাসবাদী ৰানাই মার্কিন উচ্চতম ন্যায়ালয়ত প্রত্যর্পণৰ বিৰুদ্ধাচৰণেৰে আবেদন জনায় যদিও সেই আবেদন খাৰিজ কৰে। আবেদন খাৰিজ কৰাৰ পিছতে ‘নিয়া’ই সন্ত্রাসবাদী ৰানাক নিজৰ জিম্মাত লৈ বিশেষ বিমানেৰে আমেৰিকাৰ পৰা ভাৰতলৈ উৰা মাৰিছে। ভাৰতৰ ভূমিত অৱতৰণ কৰাৰ পূৰ্বে সন্ত্রাসবাদী ৰানাক কঢ়িওৱা বিমানখন কিছু সময়ৰ বাবে জার্মানীত অৱতৰণ কৰিব। ইয়াতে বিমানখনৰ ইন্ধন ভৰাই লৈ ভাৰতলৈ পুনৰ যাত্ৰা কৰিব। সন্ত্রাসবাদী ৰানাক লৈ বিশেষ বিমানখন আজি নিশাৰ ভিতৰত ভাৰতত অৱতৰণ কৰাৰ সম্ভাৱনা আছে যদিও এতিয়ালৈকে ক’ত অৱতৰণ কৰিব, কিমান সময়ত অৱতৰণ কৰিব সেই সন্দৰ্ভত বিতং তথ্য প্রকাশ কৰা নাই। মন কৰিবলগীয়া যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে বৈঠকত সন্ত্রাসবাদী ৰানাৰ প্ৰত্যর্পণৰ বিষয়টো নিশ্চিত হয়। ৰাষ্ট্ৰপতি ট্রাম্পে সন্ত্রাসবাদী ৰানাক ভাৰতলৈ প্রত্যর্পণৰ নিশ্চিতি দিয়ে। সন্ত্রাসবাদী ৰানাক ভাৰতলৈ প্রত্যর্পণৰ সন্ত্রাসবাদী যুঁজখনত ভাৰতৰ কূটনৈতিক বিজয় বুলিও চর্চিত হৈছে।