‘২৬ৰ ১০ ফেব্ৰুৱাৰীত প্রকাশ হ’ব চূড়ান্ত ভোটাৰ তালিকা
ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ১০ ফেব্ৰুৱাৰীত ৰাজ্যত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা । বিশেষ পুনৰীক্ষণ অনুসৰি ইতিমধ্যে প্ৰকাশ কৰা হৈছে খচৰা ভোটাৰ তালিকা । খচৰা ভোটাৰ তালিকাত মুঠ ২,৫২,০১,৬২৪ গৰাকী ভোটাৰ অন্তর্ভুক্ত হৈছে আৰু ২০২৫ চনৰ জানুৱাৰীত প্রকাশিত পূৰ্বৰ চূড়ান্ত তালিকাৰ তুলনাত এই সংখ্যা ১.৩৫% বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। মঙলবাৰে দিছপুৰৰ জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰিলে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ।ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে ৰাজ্যৰ নাগৰিকসকলক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাত নিজৰ নাম সঠিকভাবে সন্নিৱিষ্ট হোৱাটো নিশ্চিত কৰিবলৈ ২২ জানুৱাৰীৰ ভিতৰত দাবী আৰু আপত্তি দাখিল কৰিবলৈ আহ্বান জনায়। জনতা ভৱনত সংবাদ মেল সম্বোধন কৰি মুখ্য কাৰ্যবাহী বিষয়া অনুৰাগ গোৱেলে কয় যে এই খচৰা ভোটাৰ তালিকা প্রস্তুতৰ প্ৰক্ৰিয়াটো এইবাৰ, ‘ব্যতিক্রমীভাৱে নিকা আৰু স্বচ্ছ’ ৰূপত কৰা হৈছে, য’ত গ্রামসভা পৰ্যায়ৰ খচৰা ভোটাৰ তালিকাৰ ৰাজহুৱা পঠন কৰা হৈছে। অসমত এই প্ৰক্ৰিয়া প্ৰথমবাৰৰ বাবে কৰা হ’ব। মানুহে ধৰি ল’ব নালাগে যে বিএলঅ’ত প্র-পত্র জমা দিলে স্বয়ংক্রিয়ভাৱে অন্তর্ভুক্তিৰ নিশ্চয়তা পোৱা যায়। খচৰা তালিকাখন ৰাজহুৱাভাৱে পৰীক্ষা কৰিব লাগিব। দাবী আৰু আপত্তিৰ সময়ছোৱাত যিকোনো বাদ পৰা বা ভুল চাব লাগিব। মুৰব্বী নির্বাচন আয়োগৰ নিৰ্দেশনা আৰু নিৰ্বাচনী তালিকাৰ হাতপুথি অনুসৰি প্ৰতিটো ভোটগ্রহণ অংশৰ খচৰা তালিকা গ্রামসভাৰ সভাত গাঁওবাসী আৰু স্থানীয় নেতাৰ উপস্থিতিত উচ্চস্বৰে পাঠ কৰা হ’ব। এই বৈঠকসমূহ ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত অনুষ্ঠিত হ’ব, যাৰ তাৰিখ নিজ নিজ জিলা উপায়ুক্তই চূড়ান্ত কৰিব। ইয়াৰ দ্বাৰা বাদ পৰা বা ডুপ্লিকেচনসমূহ ঠাইতে চিনাক্ত কৰা হয় আৰু তৎক্ষণাত সংশোধনীমূলক ব্যৱস্থা কৰা হয়। অসমত প্ৰথমবাৰৰ বাবে এই পৰ্যায়ৰ ৰাজহুৱা তদাৰকী ৰূপায়ণ কৰা হৈছে বুলিও কয় মুখ্য কার্য বাহী বিষয়াগৰাকীয়ে। সং বাদ মেলযোগে অনুৰাগ গোৱেলে কয়, ২০২৬ চনৰ ২২ জানুৱাৰীলৈকে দাবী আৰু আপত্তিৰ সময়সীমা খোলা থাকিব। ২৩ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত কোনো প্ৰ-পত্ৰ গ্ৰহণ কৰা নহ’ব, ১০ ফেব্ৰুৱাৰীত চূড়ান্ত নির্বাচনী তালিকা প্রকাশ কৰা হ’ব। প্ৰকাশৰ পিছত যদি কোনো অভিযোগ উত্থাপন হয় তেন্তে ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ভোটাৰে জিলা উপায়ুক্তৰ কাষ চাপিব পাৰে। জিলা উপায়ুক্তৰ সিদ্ধান্তৰ বিৰুদ্ধে আবেদন মুখ্য নির্বাচনী বিষয়াৰ ওচৰত কৰিব পাৰি যাৰ সিদ্ধান্ত চূড়ান্ত হ’ব আৰু যিকোনো প্রত্যাহ্বান আদালতৰ ওপৰত নিৰ্ভৰ কৰিব। মুখ্য কার্য বাহী বিষয়াগৰাকীয়ে লগতে কয়, ‘ফেব্ৰুৱাৰীৰ শেষৰ ফালে বা মাৰ্চৰ আৰম্ভণিতে নির্বাচন ঘোষণা হোৱাৰ সম্ভাবনা আছে। এতিয়ালৈকে সকলো ঠিকে আছে আৰু আমি ৰাজনৈতিক দলৰ সৈতে বৈঠকত মিলিত হৈছোঁ। খচৰা তালিকাত ২,৫২,০১,৬২৪ গৰাকী ভোটাৰৰ তালিকা দিয়া হৈছে, ইয়াৰে ১২,৫৭,২৫৮৩জন পুৰুষ। মহিলা ভোটাৰৰ সংখ্যা ১,২৬,২৮,৬৬২গৰাকী। তৃতীয় লিংগ ৩৭৯ গৰাকী। ভোটাৰ লিংগ অনুপাত : ১,০০৪ গৰাকী, ভোটাৰ জনসংখ্যা অনুপাত ৬৪৩গৰাকী। অসমত এতিয়া ৩১,৪৮৬টা ভোটগ্রহণ কেন্দ্র সংযোজন হৈছে। ইয়াত সংযোজন হৈছে ১,৮৩০টা নতুন ভোটকেন্দ্র। সর্বাধিকসংখ্যক ভোটাৰ থকা সমষ্টি হ’ল দলগাঁও সমষ্টি। ইয়াত ৩,১৮,৩২৬গৰাকী ভোটাৰ আছে। সর্বনিম্নসংখ্যক ভোটাৰ থকা সমষ্টি হ’ল আমৰি সমষ্টি। ইয়াত ১,০০৩১৯গৰাকী ভোটাৰ আছে। খচৰা তালিকাত ১৮-১৯ বছৰ বয়সৰ ২,৪৫,০০০ যুৱ ভোটাৰৰ ৰেকৰ্ড আছে যদিও বুথ পৰ্যায়ৰ বিষয়া (বিএলঅ’) সমূহে ছয় লাখৰো অধিক যোগ্য যুৱকক চিনাক্ত কৰিছে, যাৰ বহুতেই এতিয়াও প্ৰ-পত্র জমা দিব পৰা নাই। ৮৫ বছৰ আৰু তাৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা ১,৩৬,৫৪৬ গৰাকী। আনহাতে ২,০২,৪৩৩গৰাকী ভোটাৰ বিশেষভাবে সক্ষম ব্যক্তি। সেৱা আৰু ডাক নির্বাচক ৬৩,৩১৪ গৰাকী। খচৰা তালিকাত ২০২৫ চনৰ ৬ জানুৱাৰীৰ পৰা ২৫ ডিচেম্বৰৰ ভিতৰত ধাৰাবাহিক ভাৱে উন্নীতকৰণৰ সময়ত ৭,৮৬,৮৪১ গৰাকী ভোটাৰ নতুনকৈ সংযোজন কৰা হয়, ৪,৪৭,১৯৬গৰাকী নাম ডিলিট কৰা হয় আৰু ৩.৩ লাখতকৈ অধিক ভোটাৰৰ নিকা বৃদ্ধিৰেকৰ্ড কৰা হয়। ৬০ হাজাৰতকৈ অধিক বিএলঅ’ই ঘৰে ঘৰে চলোৱা পৰীক্ষণৰ সময়ত ৪,৭৮,৯৯২ গৰাকী মৃত নির্বাচক আৰু ৫,২৩,৬৮০ গৰাকী স্থানান্তৰিত ভোটাৰ চিনাক্ত কৰা হয়। অৱশ্যে তেওঁলোকৰ নাম খচৰা তালিকাত থাকিব আৰু আপত্তিৰ সময়ছোৱাত যথাযথ প্রক্ৰিয়াৰ অন্ততহে বাদ দিয়া হ’ব। ইয়াৰ উপৰি ৫৩,৬১৯টা ডুপ্লিকেট প্রবেশ সংশোধনৰ বাবে চিনাক্ত কৰা হৈছে। আনহাতে জনপ্রতিনিধিত্ব আইন, ১৯৫০ অনুসৰি চিনাক্ত কৰা নামসমূহ এতিয়াও ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা নাই বুলি সদৰী কৰে মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে। তেওঁ কয় যে বর্তমান অব্যাহত থকা দাবী আৰু আপত্তি দাখিলৰ সময়ছোৱাত লাভ কৰা আনুষ্ঠানিক আবেদন অনুসৰিহে এই নামসমূহৰ কৰ্তন বা স্থানান্তৰ প্ৰক্ৰিয়া কৰা হ’ব। তদুপৰি দাবী আৰু আপত্তিৰ ক্ষেত্ৰত জনসাধাৰণৰ অংশগ্ৰহণৰ বাবে বৰ্তমান ‘সংশোধনী’ পর্যায় মুকলি আছে। ত্রুটিমুক্ত ভোটাৰ তালিকা নিশ্চিত কৰিবলৈ নাগৰিকসকলক ৬, ৭ আৰু ৮ প্ৰ-পত্ৰসমূহ ব্যৱহাৰ কৰিব পাৰিব। প্ৰ-পত্র ৬ যোগে নতুন ভোটাৰ হিচাপে নাম অন্তর্ভুক্তি কৰিব পাৰিব। প্র-পত্র ৭ যোগে পুনৰীক্ষণ প্রক্রিয়াত চিনাক্ত কৰা মৃত ভোটাৰৰ নাম আনুষ্ঠানিক ভারে কর্তন বা আপত্তি দাখিলৰ বাবে আবেদন কৰিব পাৰিব। প্ৰ-পত্ৰ ৮ যোগে বাসস্থান স্থানান্তৰ, তথ্য সংশোধন, দি ব্যাংগৰ অৱস্থা চিহ্নিতকৰণ বা ভোটাৰ পৰিচয়-পত্ৰৰ সলনিৰ বাবে আবেদন কৰিব পাৰিব। নির্বাচনী প্রক্ৰিয়াৰ স্বচ্ছা নিশ্চিত কৰিবলৈ ৰাজ্যজুৰি ভোটগ্রহণ কেন্দ্ৰসমূহ পুনৰ নিৰ্ধাৰণ কৰি মুঠ ৩১,৪৮৬টা ভোটগ্রহণ কেন্দ্ৰ কৰা হৈছে। স্বীকৃত ৰাজনৈতিক দলসমূহলৈ দাবী আৰু আপত্তিৰ সাপ্তাহিক তালিকা নিয়মিতভাৱে প্ৰেৰণ কৰা হ’ব।
