‘২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰে মিত্ৰতা নহয় বিপিএফৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সমাগত ২৬ ৰ বিধানসভা নিৰ্বাচন। এই ‘২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা নহয় বিপিএফৰ । গহপুৰত বিপিএফৰ বিজয় উৎসৱত অংশ গ্ৰহণ কৰি এই কথা স্পষ্ট কৰি দিলে বিটিচি ডেপুটি চিফ তথা বিপিএফৰ জেষ্ঠ নেতা ৰিহন দৈমাৰীয়ে । তেওঁ লগতে কয়, বিটিচিৰ উন্নয়নৰ বাবে যিটো দলে বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিব আৰু যিটো দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব সেই দলৰ লগত বিপিএফ থাকিব।লগতে নিৰ্বাচনৰ আগত কোনো দলৰে বিপিএফৰ মিত্ৰতা নহয় বুলিও দৃঢ়তাৰে কয় দৈমাৰীয়ে।ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভতো তেওঁ মন্তব্য কৰি কয় যে, বৰ্তমানৰ জনজাতি সকলৰ ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে আপত্তি নাথাকিব।দৈমাৰীয়ে লগতে এই কথাও উল্লেখ কৰে যে বিটিচি সচিবালয় আক্ৰমনৰ ঘটনাৰ লগত এবছু আৰু ইউ পি পি এল জড়িত। তেওঁ অসম চৰকাৰক আক্ৰমণকাৰীৰ ওপৰত ব্যৱস্থা ল’বলৈ অনুৰোধ জনায় । উল্লেখ্য যে, গহপুৰৰ কৰৈগুৰিত শুক্ৰবাৰে অনুষ্ঠিত বিপিএফৰৰ বিজয় উৎসৱত ধনশিৰি সমষ্টিৰ ইএম ফেচ মুছাহাৰী,অধ্যক্ষ ত্ৰিদিপ দৈমাৰীকে ধৰি বহু কেইজন বিপিএফৰ নেতা উপস্থিত থাকে।
