‘২৬ৰ নিৰ্বাচনত ১০৩ সমষ্টিত জিকাৰ সম্ভাৱনা বিজেপিৰঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- ‘২৬ বিধানসভা নির্বাচনক লৈ চূড়ান্ত আশাবাদী মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। ১০৩টা সমষ্টিত জয়লাভ কৰাৰ আশা দেখিছে মুখ্যমন্ত্রী ড° শৰ্মাই। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই এই আশা ব্যক্ত কৰে। এইবাৰ বিধানসভা নির্বাচনত বিজেপিয়ে ১০৩টা সমষ্টিত জিকাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে আগতে জিকাৰ সম্ভাৱনা থাকে ৯০টা সমষ্টিত। সমষ্টি পুনৰ গঠনৰ পাছত ১৩ৰ পৰা ১৫খন আসনৰ সম্ভাৱনা বাঢ়িছে। গতিকে ১০৩টাত আমি বিজেপিয়েই হওক বা আমাৰ মিত্ৰদলেই হওক, আমি ভালকৈ নির্বাচন খেলিম। ২২টামানত আমি খেলিলেও জিকাৰ সম্ভাৱনা নাই। তাত প্রতীকত যুঁজ হ’ব। ১০৩টাত আমি ভালকৈ খেলিম। তাৰ ভিতৰত ৰাইজে ১০০ও দিব পাৰে, ৯০ও দিব পাৰে, ৮০ও দিব পাৰে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে মহিলাসকল আৰু অসমৰ ৰাইজে এইবাৰ বিজেপিক অভিলেখসংখ্যক সংখ্যাগৰিষ্ঠতাৰে আকৌ এবাৰ চৰকাৰ গঠনৰ সুবিধা দিব। মহিলা উদ্যমিতা আঁচনিক লৈ মহিলাসকলৰ মাজত এটা বহুত বেছি জনপ্রিয়তা, বহুত বেছি উৎসাহ আমি দেখিবলৈ পাইছোঁ। অসমৰ গ্ৰাম্য অর্থনীতিত এই আঁচনিয়ে নতুন পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব। মুখ্যমন্ত্রী ড° শৰ্মাই আৰু কয় যে মহিলাসকলে কৈছে আমি কংগ্রেছক আহিবই নিদিওঁ, তেতিয়া এই আঁচনি বন্ধও হৈ নাযায়। কংগ্রেছ আহিলেতো নিশ্চিতভাৱে তেওঁলোকে এইবোৰ কাম কৰিব নোৱাৰে, নকৰে। তেওঁলোকে লুঙী-ধুতী এইবিলাকতে ব্যস্ত থাকে। আমি মহিলাসকলক লুভী-ধুতীৰ পৰা উঠাই আনি অৰুণোদয়, লাখপতি বাইদেউ আনি এটা নতুন পর্যায়লৈ লৈ গ’লোঁ। সেইকাৰণে মহিলাসকল আৰু অসমৰ ৰাইজে এইবাৰ বিজেপিক অভিলেখসংখ্যক সংখ্যাগৰিষ্ঠতাৰে আকৌ এবাৰ চৰকাৰ কৰিব সুবিধা দিব। মুখ্যমন্ত্রী ড° শর্মাই কয় যে সমষ্টি বিজেপিৰ কাৰণে বাঢ়িছে। আগতে বিজেপিৰ যিমান সমষ্টি আছিল, তাতকৈ এতিয়া বিজেপিৰ সমষ্টি বাঢ়িছে। উদাহৰণ স্বৰূপে গুৱাহাটীত ডিমৰীয়া এটা নতুন সমষ্টি হ’ল। গতিকে ইয়াত নতুন প্রার্থী হ’বই লাগিব। নতুন প্রার্থী এইবাৰ স্বাভাৱিকভাৱে বিজেপিৰ পৰা আহিব। বর্তমান গুৱাহাটীত চাৰিজন বিধায়ক আছে। সমষ্টি পুনঃনিৰ্ধাৰণৰ ফলত ৫নং সমষ্টি ওলাল। ইয়াতটো নতুন প্রার্থী আহিবই লাগিব। আনহাতে পিপলু পাল্ ৰিছাৰ্চ অর্গেনাইজেচন নামৰ সংস্থাটোৱে আসন্ন বিধানসভা নির্বাচনক লৈ প্ৰকাশ কৰা সমীক্ষা সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে সমীক্ষাত আমাৰ ভালেই দেখুৱাইছে। কিন্তু মই ভাবোঁ, সমীক্ষাৰ সময় হোৱা নাই। এনডিএ মানেনো কোন, ইউপিএ মানেনো কোন সেই প্রতিচ্ছবিখনেই সম্পূর্ণকৈ ওলাই অহা নাই। সমীক্ষাত অগপৰ ৯টা সমষ্টি দেখুৱাইছে, আমাক ৭৫টা দেখুৱাইছে। আমি ৭৫টাত প্রতিদ্বন্দ্বিতা কৰোঁ নে নাই, সেইটোৱেইটো ঠিক হোৱা নাই। ফেব্ৰুৱাৰী মাহৰ আগলৈকে, যেতিয়ালৈ কংগ্ৰেছে কাৰ কাৰ লগত নির্বাচন নেখেলিব, আমি কাৰ কাৰ লগত নির্বাচন নেখেলিম, কাৰ কেইটা ছিট হ’ব এই কথাবোৰ পৰিষ্কাৰ নোহোৱালৈকে আমি কিবা এটা সমীক্ষা চাই মনত ভাল পাই থাকিব নালাগে। আমি কষ্ট কৰি থাকিব লাগে, কাম কৰি থাকিব লাগে, সমীক্ষা ওলাই থাকিব। আচল ইভিএম মেচিনত যিটো ওলাব, সেইটোহে আচল।
