২৬১ ৰান কৰিও পৰাস্ত হ’ল কলকাতা নাইট ৰাইডাৰ্ছ
ৰঙিলী বাৰ্ত্তাসেৱা- ২৬১ ৰান কৰিও পৰাস্ত হ’ল কলকাতা নাইট ৰাইডাৰ্ছ। ইডেন গার্ডেনত অনুষ্ঠিত আইপিএলৰ হাইস্ক’ৰিং মেচখনত পঞ্জাৱে কিংছে ঘৰুৱা দল কলকাতা নাইট ৰাইডাৰ্ছক ৮ উইকেটত পৰাস্ত কৰে। মেচখনত কলকাতাই জয়ৰ বাবে বান্ধি দিয়া ২৬২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ জ’নী বেয়াৰষ্ট’ৰ দুৰ্দান্ত অপৰাজিত শতক আৰু শশাংক সিঙৰ বিস্ফোৰক অপৰাজিত অর্ধশতকৰ সহায়ত পঞ্জাৱে ১৮.৪ অভাৰত দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। বেয়াৰষ্ট’ই ৪৮টা বলত ৮টা চাৰি আৰু ৯টা ছয়েৰে ১০৮ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে শশাংকই ২৮টা বলত দুটা চাৰি আৰু ৮টা ছয়েৰে ৬৮ ৰান কৰি অপৰাজিত হৈ থাকে। অ’পেনাৰ প্রভছিমৰন সিঙে ২০টা বলত ৫৪ ৰানৰ অৰিহণা আগবঢ়ায়। বেয়াৰষ্ট’ আৰু শশাংকই তৃতীয় উইকেটৰ যুটিত অপৰাজিতভাৱে ৮৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰিবলৈ আহি অ’পেনাৰদ্বয় ফিল ছল্ট আৰু সুনীল নাৰিনৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত কলকাতা নাইট ৰাইডাৰ্ছে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২৬১ ৰান সংগ্ৰহ কৰে। প্ৰথম উইকেটৰ যুটিত ১৩৮ ৰান সংগ্ৰহ কৰি ফিল ছল্ট আৰু সুনীল নাৰিনে কলকাতাক বিস্ফোৰক আৰম্ভণি দিয়ে। নাৰিনে ৩২টা বলত ৯টা চাৰি আৰু ৪টা ছয়েৰে ৭১ ৰান কৰাৰ বিপৰীতে ছল্টে ৩৭টা বলত ৬টা চাৰি আৰু ৬টা ছয়েৰে ৭৫ ৰান কৰে। ভেংকটেশ আয়াৰে ২৩টা বলত ৩টা চাৰি আৰু ২টা ছয়েৰে ৩৯ ৰান কৰে। ইফালে ‘আন্দ্ৰে ৰাছেলে ১২টা বলত ২৪ আৰু অধিনায়ক শ্রেয়াছ আয়াৰে ১০টা বলত ২৮ ৰানৰ অৰিহণা আগবঢ়ায়। পঞ্জাব কিংছৰ হৈ অৰ্শদীপ সিঙে সর্বাধিক দুটা উইকেট লাভ কৰাৰ লগতে ছেম কৰণ, হৰ্ষল পেটেল আৰু ৰাহুল চহৰে এটাকৈ উইকেট লাভ কৰে।