২৫-২৬জানুৱাৰীত গুৱাহাটী সেৱা বস্তি ভিত্তিত ফুটবল প্ৰতিযোগিতা
মহানগৰীৰ ২৫টা সেৱা বস্তিৰ খেলুৱৈয়ে অংশগ্ৰহন কৰিব প্ৰতিযোগিতাত
ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক গনৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ড০ বি আৰ আম্বেদকাৰৰ স্মৃতিত জননীৰ উদ্যোগত, ক্ৰীড়া ভাৰতী, অসম শিখ সেৱা সমাজ আৰু সামাজিক সংস্থা উজ্জল ভৱিষ্যত কল্যাণ সমিতিৰ সহযোগত প্ৰথমবাৰৰ বাবে এখনি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অহা ২৫ আৰু ২৬জানুৱাৰীত পল্টন বজাৰৰ চাই কমপ্লেক্সত অনুষ্ঠিত হ’বলগীয়া ১৯বছৰ অনুৰ্ধ্ব বয়সৰ খেলুৱৈৰে সমৃদ্ধ গুৱাহাটী মহানগৰত বাস কৰা পাঞ্জাৱী, বাছফ’ৰ, তেলেগু আৰু বাল্মিকী সমাজৰ ২৫ টা সেৱা বস্তিৰ ফুটবল দলে প্ৰতিযোগিতাখনত অংশগ্ৰহন কৰিব। প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ১০হাজাৰ টকা,ট্ৰফী আৰু প্ৰমানপত্ৰ, দ্বিতীয় পুৰস্কাৰ ৭হাজাৰ টকা, ট্ৰফী আৰু প্ৰমাণপত্ৰৰ লগতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ’লৰক্ষক, শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ ডিফেণ্ডাৰৰ বাবে ট্ৰফী আৰু নগদ ধন আগবঢ়োৱা হ’ব বুলি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলত এই কথা অৱগত কৰে জননীৰ সম্পাদক আলোক ত্ৰিপাঠীয়ে।এই প্ৰতিযোগিতাখন আয়োজনৰ জৰিয়তে প্ৰতিভাসম্পন্ন খেলুৱৈ চিনাক্ত কৰি প্লেটফৰ্ম প্ৰদানৰ লগতে বস্তি সমূহত বসবাস কৰা শ্ৰমিক শ্ৰেণী বা নিম্ন আৰ্থসামাজিক স্তৰৰ যুৱ প্ৰজন্মক সমাজ গঠনত সাহস প্ৰদান কৰাৰ উপৰিও বস্তি অঞ্চলৰ পৰা মাদক দ্ৰব্যৰ মাৰাত্মক প্ৰচলন দূৰ কৰাৰ এক বিশেষ পদক্ষেপ লোৱা হৈছে বুলি ধন্যবাদ জ্ঞাপনেৰে সংবাদমেলত অসম শিখ সেৱা সমাজৰ সভাপতি বন্তি সিঙে মন্তব্য আগবঢ়াই।আজি অনুষ্ঠানত সংবাদমেলত আলোক ত্ৰিপাঠী, বন্তি সিঙ লগতে উজ্জ্বল ভৱিষ্যত সামাজিক সংস্থাৰ প্ৰতিষ্ঠাপক তথা বাছফৰ সমাজৰ আহ্বায়ক শিৱ বাছফৰ, পাঞ্জাৱী সমাজৰ আহ্বায়ক ৰাজবীৰ সিং, তেলেগু সমাজৰ আহ্বায়ক সৰবজীত সিং আৰু ৰামায়ন বাছফৰ উপস্থিত থাকে।