২৫ সংখ্যক ৰাষ্ট্ৰীয় পেৰা-সাঁতোৰত ১৩টা পদক অৰ্জন কৰিছে অসমে
ৰঙিলী বাৰ্ত্তাসেৱা– ২৫ সংখ্যক ৰাষ্ট্ৰীয় পেৰা-সাঁতোৰ প্ৰতিযোগিতাত অসমৰ পেৰা-সাঁতোৰ দলে স্বৰ্ণসহ মুঠ ১৩ পদক লাভ কৰিছে । ৫টা স্বৰ্ণ ,২টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক লাভ কৰিছে অসমে । হায়দৰাবাদত সামৰণি পৰা প্ৰতিযোগিতাখনত অসমৰ সূৰ্য শইকীয়াই ছাব-জুনিয়ৰ ল’ৰাৰ এছ ১০ শাখাৰ ৫০ আৰু ১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকত স্বৰ্ণ আৰু ১০০ মিটাৰ ফ্ৰীষ্টাইলত এটা ব্ৰঞ্জৰ পদ আৰু য়েছমিনা খাতুনে জুনিয়ৰ ছোৱালী এছ ১০ শাখাৰ ১০০ মিটাৰ ফ্ৰীষ্টাইল,৫০ মিটাৰ আৰু ১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকত স্বৰ্ণপদক লাভ কৰে । আনহাতে, কৃষ্ণ দাসে পুৰুষ এছ ১৪ শাখাৰ ২০০ মিটাৰ ফ্ৰীষ্টাইল আৰু ১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকত ব্ৰঞ্জ জিনাৰ উপৰি ধুনু তাৱে পুৰুষ এছএম ৯ শাখাৰ ২০০ মিটাৰ আইএমত ব্ৰঞ্জৰ পদক লাভ কৰে । ইপিনে, শ্বাহানা বেগমে মহিলাৰ এছ ১০ শাখাৰ ১০০ মিটাৰ ফ্ৰীষ্টাইল আৰু ১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকত ৰূপ জিনাৰ লগতে ৫০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকত ব্ৰঞ্জ আৰু মানসজ্যোতি দিহিঙীয়াই পুৰুষ এছবি ৬ শাখাৰ ১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকত ব্ৰঞ্জ জিনে ।
