২৫ ডিচেম্বৰত মাজুলীৰ এলেঙ্গী টকৌবাৰী সত্ৰত অনুষ্ঠিত হ’ৱ “অনাতাঁৰ মৰম পৰিয়ালৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস ;
পৰিয়ালটোৱে এইবৰ্ষৰ শ্ৰোতা প্ৰেৰণা বঁটা প্ৰদান কৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰক আৰু শ্ৰোতাবন্ধু বঁটা -২০২৫ প্ৰদান কৰিব আকাশবাণীৰ জেষ্ঠ শ্ৰোতা ক্ৰমে ধেমাজিৰ মহেশ্বৰ চুতীয়া আৰু তিনিচুকীয়াৰ দীপক মৰাণক:

পৰিয়ালটোৱে এই বৰ্ষৰ “শ্ৰোতা প্ৰেৰণা বঁটা-২০২৫” আগবঢ়াইছে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰলৈ আৰু বছৰটোৰ শ্ৰেষ্ঠ “অনাতাঁৰ শ্ৰোতা বন্ধু-২০২৫” বঁটা দুজনকৈ আকাশবাণীৰ জেষ্ঠ শ্ৰোতা ক্ৰমে ধেমাজি চিচি কেৰেকণি মাজ গাঁৱৰ মহেশ্বৰ চুতীয়া আৰু তিনিচুকীয়া কাকপথাৰ ১ নং তেজী গাঁৱৰ দীপক মৰাণলৈ । কালি পৰিয়ালটোৱে বাচনি কৰি দিয়া বঁটা বাছনি সমিতিয়ে এই কথা পৰিয়ালটোৰ সভাপতি/সম্পাদকক জনোৱাৰ পাছত আজি পৰিয়ালটোৰ ২১১ সংখ্যক ফোন কনফাৰেন্স সভাত সংযোগ হোৱা সদস্য সকলক সভাপতি সম্পাদকে অৱগত কৰে।

অহা ২৫ ডিচেম্বৰত মাজুলীৰ শ্ৰী শ্ৰী এলেঙ্গী টকৌবাৰী সত্ৰত অনুষ্ঠিত হ’ৱ লগা পৰিয়ালটোৰ ষষ্ঠদশ(১৬ তম্) প্ৰতিষ্ঠা দিৱসত পৰিয়ালটোৱে এই বঁটা প্ৰদান কৰিব । বঁটাত থাকিব একোটা ৰেডিঅ’ চেট্ , একোটিকৈ স্মাৰক , জাপি , সম্বৰ্ধনা পত্ৰ , অংগবস্ত্ৰ , কিতাপৰ টোপোলা আৰু একোটাকৈ গছপুলি। সেইদিনা অনুষ্ঠানটিত অসমৰ বিভিন্ন ঠাইৰ পৰিয়ালটিৰ সদস্য সকলৰ লগতে অঞ্চলটিৰ ৰেডিঅ’ প্ৰেমী শ্ৰোতা সকল উপস্থিত থাকিব বুলি পৰিয়ালটিৰ প্ৰতিস্থাপক মাজুলী শইকীয়া , মুখ্য উপদেষ্টা জয়বৰ পাংগিং , বিনোদ গগৈ , মুন বৰা , সভাপতি নকুল গগৈ আৰু সম্পাদক নিতু দেৱে জানিবলৈ দিছে।
