২৫ ডিচেম্বৰত অনাতাঁৰ মৰম পৰিয়ালৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস

২৫ ডিচেম্বৰত অনাতাঁৰ মৰম পৰিয়ালৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস ; ২০২৪ বৰ্ষৰ “শ্ৰোতা প্ৰেৰণা বঁটা” আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান সমূহৰ মূৰব্বী কাৰ্ত্তিক সূত্ৰধৰলৈ , বছৰটোৰ শ্ৰেষ্ঠ “অনাতাঁৰ শ্ৰোতাবন্ধু বঁটা” মৰণোত্তৰভাৱে সদ্য প্ৰয়াত চৰাইদেউ জিলাৰ চফ্ৰাইৰ জালালুদ্দিন হালদাৰলৈ
বিকাশ শইকীয়া,মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ২০১০ চনৰ ২৫ ডিচেম্বৰত মাজুলীত প্ৰতিষ্ঠা হোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ’ শ্ৰোতা সংঘ “অনাতাঁৰ মৰম পৰিয়াল” ৰ  অহা ২৫ ডিচেম্বৰত পঞ্চদশ প্ৰতিষ্ঠা দিৱস এইবছৰ ধেমাজি জিলাৰ চিলাপথাৰত অনুষ্ঠিত হ’ৱ। এইবছৰ পৰিয়ালটোৰ প্ৰতিষ্ঠা দিৱস প্ৰথমবাৰলৈ শ্ৰোতা এজনৰ ঘৰৰ চোতালৰ পৰিৱৰ্তে চিলাপথাৰৰ জ্যোতিনগৰস্হিত প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ত অনুষ্ঠিত হ’ৱ। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি অহা পৰিয়ালটোৰ বাৰ্ষিক মুখপত্ৰ “মৰম এক যোগসূত্ৰ” এইবছৰ কিছু অসুবিধাৰ কাৰণে প্ৰকাশ নাপায় । প্ৰতিষ্ঠা দিৱসত প্ৰতিবছৰে পৰিয়ালটোৰ ফালৰ পৰা ৰেডিঅ’ৰ সৈতে জড়িত একোজন ব্যক্তিক প্ৰদান কৰি আহিছে “শ্ৰোতা প্ৰেৰণা বঁটা” আৰু এজন শ্ৰোতাক  বছৰটোৰ শ্ৰেষ্ঠ “অনাতাঁৰ শ্ৰোতাবন্ধু বঁটা” । এই বৰ্ষত পৰিয়ালটোৱে “শ্ৰোতা প্ৰেৰণা বঁটা-২০২৪”  আগবঢ়াইছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান সমূহৰ মূৰব্বী কাৰ্ত্তিক সূত্ৰধৰলৈ আৰু বছৰটোৰ শ্ৰেষ্ঠ “অনাতাঁৰ শ্ৰোতা বন্ধু” বঁটা মৰণোত্তৰভাৱে প্ৰথমবাৰলৈ আগবঢ়াইছে সদ্য প্ৰয়াত চৰাইদেউ জিলাৰ চফ্ৰাইৰ জালালুদ্দিন হালদাৰলৈ । কালি পৰিয়ালটোৱে বাচনি কৰি দিয়া বঁটা বাছনি সমিতিয়ে এই কথা পৰিয়ালটোৰ সভাপতি/সম্পাদকক জনোৱাৰ পাছত আজি পৰিয়ালটোৰ ১৪৪ সংখ্যক ফোন কনফাৰেন্স সভাত সংযোগ হোৱা সদস্য সকলক সভাপতি সম্পাদকে বিষয়টি অৱগত কৰে। এই বঁটাত থাকিব একোটা ৰেডিঅ’ চেট্ , একোটিকৈ স্মাৰক , জাপি , সম্বৰ্ধনা পত্ৰ , অংগবস্ত্ৰ , কিতাপৰ টোপোলা আৰু একোটাকৈ গছপুলি। সেইদিনা অনুষ্ঠানটিত অসমৰ বিভিন্ন ঠাইৰ পৰিয়ালটিৰ সদস্য সকলৰ লগতে অঞ্চলটিৰ ৰেডিঅ’ প্ৰেমী শ্ৰোতা সকল উপস্থিত থাকিব বুলি পৰিয়ালটিৰ মুখ্য উপদেষ্টা জয়বৰ পাংগিং , বিনোদ গগৈ , মুন বৰা , সভাপতি নকুল গগৈ, সম্পাদক নিতু দেৱ , আৰু প্ৰচাৰ সম্পাদক সোণাৰাম লালুঙে জানিবলৈ দিছে।