২৫ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ৰাষ্ট্ৰীয় একতা সপ্তাহ পালন

২৫ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ৰাষ্ট্ৰীয় একতা সপ্তাহ পালন

দিছ্পুৰ, ৰঙিলী  বাৰ্ত্তাসেৱা-   কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে দেশজুৰি ২৫ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ৰাষ্ট্ৰীয় একতা সপ্তাহ পালন কৰি থকা হৈছে। চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশৰ লগতে অসমতো ৰাষ্ট্ৰীয় একতা দিৱস আৰু ৰাষ্ট্ৰীয় একতা সপ্তাহৰ বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। সেই উপলক্ষে যোৱা ২৫ অক্টোবৰত গণসেৱা ভৱনত ৰাষ্ট্ৰীয় একতা দিৱস সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে ২৬ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে একতা যাত্ৰা অনুষ্ঠিত কৰা হয়। একেদৰে ২৭ অক্টোবৰত গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা মোৰ মাটি মোৰ দেশৰ অমৃত কলহ যাত্ৰাৰ ফ্লেগ অফ কাৰ্যসূচীৰ লগতে ৰাষ্ট্ৰীয় একতা সপ্তাহো উদযাপন কৰা হয়। তদুপৰি শিক্ষানুষ্ঠান সমূহতো ৰাষ্ট্ৰীয় একতা সপ্তাহ সম্পৰ্কে বিভিন্ন  আলোচনা, কবিতা আবৃত্তি, দেশপ্ৰেমমূলক গীত পৰিবেশন ইত্যাদি কাৰ্যসূচী গ্ৰহণ কৰা হয়। একেদৰে ২৮ অক্টোবৰতো শিক্ষানুষ্ঠান সমূহত ৰচনা প্ৰতিযোগিতা, বক্তৃতানুষ্ঠান তথা কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে ২৯ অক্টোবৰত সমগ্ৰ ৰাজ্যৰ কাৰাগাৰসমূহত ৰাষ্ট্ৰীয় একতা সম্পৰ্কীয় বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হ’ব।অহা ৩০ অক্টোবৰত জিলা সদৰসমূহত বাটৰ নাট, দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হ’ব। অহা ৩১ অক্টোবৰ তাৰিখে জনতা ভৱনৰ লগতে ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়ত ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত বাক্য পাঠ কৰা হ’ব। লগতে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অহা ৩১ অক্টোবৰত গুৱাহাটীৰ লগতে সকলো জিলা সদৰত ‘ৰান ফৰ ইউনিটি’ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। তদুপৰি ৰাজ্যৰ কাৰাগাৰসমূহত বিশিষ্ট ব্যক্তিৰ বক্তৃতানুষ্ঠান আৰু কাৰাবন্দীসকলৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।গুৱাহাটী আৰু জিলা সদৰসমূহত অসম পুলিচৰ দ্বাৰা কুচ কাৱাজ প্ৰদৰ্শন কৰাৰ লগতে পঞ্চায়ত আৰু গাওঁসমূহত ৰাষ্ট্ৰীয় একতা সপ্তাহ সম্পৰ্কে বিভিন্ন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ’ব। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় একতা সপ্তাহ উপলক্ষে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে পুৱা আৰু সন্ধিয়া ৭ বজাত ফিক্সড লাউডস্পিকাৰ চিষ্টেমৰ দ্বাৰা দেশপ্ৰেমমূলক গীতৰ জৰিয়তে ৰাষ্ট্ৰীয় একতাৰ বাণী প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে।