২৫ অক্টোবৰত ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ‘সাংবাদিক সম্মিলন’
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত) আৰু ঐতিহ্যমণ্ডিত ডিব্রুগড় সাহিত্য সভা, কানৈ মহাবিদ্যালয় শাখা সাহিত্য সভাৰ যৌথ উদ্যোগত, অসম সাহিত্য সভাৰ পৃষ্ঠপোষকতাত ডিব্রুগড়ত অনুষ্ঠিত হ’ব ‘সাংবাদিক সম্মিলন’। ডিব্রুগড় হনুমানবক্স সূৰজমল কার্টুন মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ লালচান্দ কানৈ প্রেক্ষাগৃহত অহা ২৫ অক্টোবৰত অনুষ্ঠিত হ’ব এই সম্মিলন। এই উপলক্ষে আজি (১০ ছেপ্টেম্বৰ) কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ সভা কক্ষত অসম সাহিত্য সভাই গঠন কৰি দিয়া শৈক্ষিক সমিতিৰ আহ্বায়ক তথা কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত এখন শক্তিশালী আদৰণি সমিতি গঠন কৰা হয়। ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক বাতুল বুঢ়াগোহাঁয়ে আঁত ধৰা সভাত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড° শশীকান্ত শইকীয়াক সভাপতি, বিশিষ্ট সমাজসেৱক জ্যোতি প্রসাদ কানৈক কার্যকৰী সভাপতি আৰু জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰাক সাধাৰণ সম্পাদক তথা ৰাতুল বুঢ়াগোহাঁই আৰু যাদৱ গগৈক যুটীয়া সম্পাদক আৰু জ্যোতি বৰগোহাঁইকে ধৰি অসম সাহিত্য সভাই কৰি দিয়া শৈক্ষিক সমিতিৰ সদস্যসকলক উপদেষ্টা হিচাপে লৈ কেইবাখনো উপ-সমিতিৰে ৫১ জনীয়া এখন আদৰণি সমিতি গঠন কৰা হয়। সভাত কানৈ মহাবিদ্যালয়ৰ অধ্যাপক ড° মৃদুল শর্মা, অধ্যাপক ড০ অনন্ত কুমাৰ দত্ত, অধ্যাপক ড° জ্যোতি প্রসাদ ফুকন, অধ্যাপিকা ড° মৰমী তালুকদাৰ, অধ্যাপক ড০ জ্যোতি শইকীয়া, অধ্যাপিকা ড° নির্মালী পেণ্ড, অধ্যাপিকা বিনী শইকীয়া, অধ্যাপিকা মৌচুমী হাজৰিকা, লেখিকা সস্থা অসমৰ প্রধান সম্পাদক উদয়ন্তী হাজৰিকা, মিনাক্ষী দাস বৰুৱা, ভুৱনজ্যোতি বৰুৱা, অর্পণা ফুকন দাস উপস্থিত থাকি সাংবাদিক সম্মিলনখন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ ক্ষেত্রত বিভিন্ন দিহা-পৰামর্শ প্রদান কৰে। উল্লেখ্যযে এদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা সাংবাদিক সম্মিলনখনত অসম সাহিত্য সভাৰ সভাপতি, উপ সভাপতি, প্রধান সম্পাদককে প্রমুখ্য কৰি অসমৰ সকলো জিলাৰ সাংবাদিকৰ লগতে ছপা আৰু কেইবাটাও বৈদ্যুতিণ মাধ্যমৰ সম্পাদকহকল উপস্থিত থকাৰ লগতে পোন প্ৰথমবাৰৰ বাবে গৱেষণা পত্রপাঠ, বক্তৃতানুষ্ঠান, মুকলি সভা, সম্বর্ধনা আদি বিভিন্ন কার্যসূচী অনুষ্ঠিত হ’ব। “সাহিত্য, সাংবাদিকতা আৰু অসমীয়া মাতৃভাষাৰ ভবিষ্যত”- শীর্ষক বিষয়ক মুখ্য বিষয় হিচাপে লৈ অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্রন্থ প্রকাশ কৰা হ’ব আৰু এখন ঘোষণা পত্রও প্রকাশ কৰাৰ চিন্তা-চর্চা কৰা বুলি এক বিবৃতিৰ জৰিয়তে জানিবলৈ দি সকলোৰে সহায়-সহযোগিতা, দিহা-পৰামৰ্শ কামনা কৰিছে।