২৪ নৱেম্বৰৰ সন্ধিয়া অসমবাসীক লাচিতৰ স্মৃতিত এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

PC - Insights ias

২৪ নৱেম্বৰৰ সন্ধিয়া অসমবাসীক লাচিতৰ স্মৃতিত এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ২৩, ২৪ আৰু ২৫ নৱেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’ব মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী৷ উল্লেখযোগ্য যে বীৰ লাচিতক হিন্দু বীৰ, ভাৰতৰ বীৰ সজোৱাৰ চেষ্টা চলিছে বুলি হোৱা চৰ্চাৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে লাচিত প্ৰথমে আহোমৰ বীৰ, তাৰ পাছত ক্ৰমে অসম, ভাৰত আৰু বিশ্ব বীৰ৷ সেই কথাত কোনো বিতৰ্কই থাকিব নোৱাৰে৷ তেওঁ যদি হিন্দু আছিল তেন্তে হিন্দু বীৰ হ’ব আৰু যদি মুছলমান আছিল তেন্তে মুছলমান বীৰ হ’ব৷ মানুহৰ ৰসৰ ওপৰত বিশ্ব বীৰজন কোন সেই কথা নিৰ্ভৰ কৰিব আৰু বুৰঞ্জীবিদসকলে সেই কথা থিৰাং কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে বীৰ লাচিতক সন্মান জনোৱাৰ প্ৰসংগত লিখা দুই-এটা লেখা চকুত পৰিছে৷ ৰাজ্য চৰকাৰে লাচিতক আহোম বীৰ, অসম সন্তান, বিশ্ব বীৰ হিচাপে সন্মান জনাব বিচাৰিছে৷ তেওঁ আৰু কয় যে যিমানেই সমালোচনা নহওক কিয়, ইতিমধ্যে মানুহে বীৰ লাচিতক বিশ্ব বীৰলৈ লৈ গৈছে৷ লাচিতক লৈ ৰচনা লিখিবলৈ জনোৱা আহবানৰ পাছত ভাৰতৰ প্ৰায়বোৰ ভাষা কোৱা লোকে ৰচনা লিখিছে৷ যোৰহাট আৰু শিৱসাগৰ জিলাৰ পৰা যিমান লোকে লাচিতক লৈ ৰচনা লিখিছে তাৰ সমানে কৰিমগঞ্জৰ পৰা ৰচনা লিখিছে৷ মুখ্যমন্ত্ৰীয়ে আৰু কয় যে বীৰ লাচিতৰ যশস্যা যদি বিশ্বত বিয়পে তেন্তে অসমক বিশ্ববাসীয়ে সন্মানৰ চকুৰে চাব৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অহা ২৪ নৱেম্বৰৰ লাচিত দিৱসৰ দিনটোত ৰাজ্যবাসীক এগছিকৈ চাকি জ্বলাবলৈ আহ্বান জনায়৷ তেওঁ আৰু কয় যে দেশৰ সকলো ৰাজ্যৰ পাঠ্যপুথিত লাচিতৰ বিষয়ে পাঠ্যক্ৰম সংযোজন কৰিবলৈ লিখা চিঠি মুখ্যমন্ত্ৰীসকলে গ্ৰহণ কৰিছে৷জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰ কথা সদৰী কৰে। জানিব পৰা মতে, অহা ২৩ নৱেম্বৰত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে প্ৰদৰ্শনীৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই প্ৰদৰ্শনীখনত অসমৰ ২০০০ বছৰীয়া বৰ্ণাঢ্য ইতিহাসৰ লগতে ৬০০ বছৰীয়া আহোম ৰাজত্বকালক বিশেষভাৱে সন্নিৱিষ্ট কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা ২৪ নৱেম্বৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত মহাবীৰ লাচিতৰ জীৱন আৰু কৰ্মৰাজি আধাৰিত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হ’ব। উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ নৱেম্বৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত মহাবীৰ লাচিত বৰফুকনৰ জীৱন সামৰি অসম চৰকাৰে ইংৰাজী ভাষাত প্ৰস্তুত কৰা এখন গ্ৰন্থও উন্মোচন কৰিব। ইফালে, ২৩ নৱেম্বৰ আৰু ২৪ নৱেম্বৰত দুখন আলোচনা-চক্ৰও অনুষ্ঠিত হ’ব য’ত দেশৰ বহুকেইগৰাকী বৌদ্ধিক জগতৰ অগ্ৰণী ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। তদুপৰি ২৬ নৱেম্বৰত পুণেস্থিত নেশ্যনেল ডিফেঞ্চ একাডেমীত আন এক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ এই অনুষ্ঠানতে একাডেমীৰ শ্ৰেষ্ঠ কেডেটক বীৰ লাচিত বৰফুকন বঁটা প্ৰদান কৰা হ’ব। হায়দৰাবাদস্থিত নেশ্যনেল পুলিচ একাডেমীত মহাবীৰ লাচিতৰ স্মৃতি ভৱন নিৰ্মাণৰ পৰিকল্পনাও ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।সংবাদমেলখনত মুখ্যমন্ত্ৰীৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাছা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙো উপস্থিত থাকে ৷