২৪ নৱেম্বৰত বঙাইগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্রী সভাৰ বৈঠক অনুষ্ঠিত

Pc- DNA India

২৪ নৱেম্বৰত বঙাইগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্রী সভাৰ বৈঠক অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা-  বঙাইগাঁৱত ২৪ নৱেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্রী সভাৰ বৈঠক অনুষ্ঠিত হ’ব। মুখ্যমন্ত্রী ড০ শৰ্মাৰ উদ্যোগত কাৰ্যদক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধিৰ প্ৰয়াসেৰে ৰাজ্যত তৃণমূল পর্যায়ৰ পৰা সবলীকৰণৰলক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সেই অনুসৰি জিলা আৰু মহকুমাসমূহত কেবিনেট মন্ত্রীসকলে ক্ষেত্র পৰিদৰ্শন কৰিব। পর্যালোচনা কৰিবলগীয়া ক্ষেত্ৰসমূহ হৈছে অংগনৱাড়ী কেন্দ্র, স্বাস্থ্যকেন্দ্র, প্রাথমিক বিদ্যালয়, প্রতিষেধক প্রদান কেন্দ্র আদি। ইয়াৰ লগতে জলজীৱন মিছন, বৃদ্ধ পেন্সন আঁচনি, কোৱিড সাহায্য আঁচনি আদিকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ হিতাধিকাৰীসকলৰ সৈতেও কেবিনেট মন্ত্রীসকলে মত বিনিময় কৰিব।