২৩ মে’ত মুক্তি লাভ “ভাইমন‌ দা” – সমুজ্জ্বল ডেকা

২৩ মে’ত মুক্তি লাভ “ভাইমন‌ দা”

 সমুজ্জ্বল ডেকা, ৰঙিয়া 
পুঠিমাৰী মহাবিদ্যালয়, অসমীয়া বিভাগ 
স্নাতক দ্বিতীয় ষান্মাসিক
৯০ দশকৰ স্বনামধন্য চিনেমা পৰিচালক প্ৰয়াত মুনীন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে নতুন অসমীয়া চলচ্চিত্ৰ “ভাইমন দা”। ছবিখনত কাহিনী, চিত্ৰনাট্য, সংলাপ তথা পৰিচালনা কৰিছে শশাংক সমীৰে। প্ৰযোজক শ্যামন্তক গৌতমৰ লগতে সুৰৰ ৰাগিতে মন‌ মোহিত কৰা অসমৰ হিয়াৰ আমঠু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীয়ে সংগীতৰ দায়িত্বত আছে। গৰিমা শইকীয়াই সাজ-পোছাক যোগানৰ ক্ষেত্ৰত বিশেষ ভাৱে সহায় কৰা “ভাইমন‌ দা” শীৰ্ষক ছবিখনত পোন প্ৰথমবাৰৰ বাবে অসমীয়া চলচ্চিত্ৰৰ জগতত ৩৬০ খনতকৈও অধিক কলা-কুশলী জড়িত হৈছে। ইয়াৰ পৰা বুজা যায় যে প্ৰায় প্ৰতিখন ঠাইৰে মানুহ সক্ৰিয় ভাৱে ছবিখনত জড়িত আছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, শব্দযন্ত্ৰী তথা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জনপ্ৰিয় অসম সন্তান সমূহৰ অংশীদাৰিত্বৰে সমৃদ্ধ চিনেমাখনৰ চিত্ৰগ্ৰহণ কৰিছে ভাঞ্চিনাথন মুৰুগেচনে। জিল ক্ৰিয়েচনছৰ বেনাৰত নিৰ্মিত ছবিখনৰ মাইলৰ খুঁটি হিচাপে ইতিমধ্যে দিগন্ত ভাৰতীৰ কথা সমৃদ্ধ জুবিন গাৰ্গ আৰু মহালক্ষ্মী লায়ৰ কন্ঠত নিগৰা “এৰা এৰা” শীৰ্ষক গীতটিয়ে সামাজিক মাধ্যমত ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত চিনেমাখনত জুবিন গাৰ্গৰ চৰিত্ৰত কোনে অভিনয় কৰিছে সেয়া ৰহস্যজনক, গতিকে সেই ৰহস্যৰ উদঘাটন কৰিবৰ বাবে ছবিখনৰ পৰিচালক শশাংক সমীৰে অহা ২৩ মে’ত সকলোকে ছবি গৃহত আহিবলৈ আহ্বান জনায়। দৰ্শকে ছবিখন আকোঁৱালি ল’ব বুলি “ভাইমন দা” ৰ গোটেই টিমটো খুবেই আশাবাদী।