২৩,৯৫৬গৰাকী ঠিকাভিত্তিক শিক্ষকক নিযুক্তি-পত্র প্ৰদানৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

pc northeast now

২৩,৯৫৬গৰাকী ঠিকাভিত্তিক শিক্ষকক নিযুক্তি-পত্র প্ৰদানৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকললৈ সুখবৰ কঢ়িয়াই আনিছে। দীর্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত শিক্ষা বিভাগে ২৩,৯৫৬গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি পদ নিয়মীয়াকৰণৰ সিদ্ধান্ত লৈছে। অহা ২ ছেপ্টেম্বৰত এই শিক্ষকসকলক প্ৰদান কৰা হ’ব নিযুক্তি-পত্র। উল্লেখ্য যে সদৌ অসম ঠিকাভিত্তিক শিক্ষক সমাজে প্রায় ৩৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ পদ নিয়মীয়াকৰণৰ বাবে বিগত দীর্ঘসময়ৰ পৰা দাবী উত্থাপন কৰি আহিছিল।আনকি বিভিন্ন সময়ত প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াকৈ সিদ্ধান্ত গ্রহণ কৰিছিল যদিও নিয়মীয়াকৰণৰ ক্ষেত্ৰত শিক্ষা বিভাগে জাৰি কৰা চৰ্তক কেন্দ্র কৰি সৃষ্টি হৈছিল তীব্র প্রতিক্রিয়া। উল্লেখ্য যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে প্রকাশ কৰা বিজ্ঞাপনত উল্লেখ কৰা হৈছিল যে যি সময়ৰ পৰা শিক্ষকসকলৰ চাকৰি নিয়মীয়া হ’ব উক্ত দিনৰ পৰাই তেওঁলোকৰ দৰমহা নিৰ্ধাৰণ কৰা হ’ব। মুখ্যতঃ ইয়াকে লৈ আপত্তি তুলিছিল টেট উত্তীর্ণ শিক্ষক সমাজে। বিগত ১০ বছৰৰো অধিক সময় ধৰি শিক্ষকতা কৰি থকাৰ পাছত দৰমহা বৃদ্ধি হোৱাৰ পিছত এতিয়া আকৌ নতুনকৈ নিযুক্তি লাভ কৰিলে পূৰ্বৰ বেতন সুৰক্ষিত নাথাকিব বুলি আপত্তি তোলা শিক্ষকসকলে শিক্ষা বিভাগৰ বিজ্ঞাপনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আৰু ন্যায়ালয়ে আবেদনখনৰ শুনানি গ্ৰহণ কৰি শিক্ষা বিভাগৰ বিজ্ঞাপনৰ ওপৰত পূৰ্বে কৰা স্থগিতাদেশ আঁতৰ কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে যিসকলে বিজ্ঞাপনৰ বিপৰীতে নিয়মীয়াকৰণৰ আবেদন কৰিছিল তেওঁলোকৰ প্ৰক্ৰিয়া আগুৱাই নিবলৈ নির্দেশ দিয়ে। উল্লেখ্য যে ৩৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ মুঠ ২৩,৯৫৬গৰাকী শিক্ষকে এই নিয়মীয়াকৰণৰ বাবে আবেদন জনাইছিল। ন্যায়ালয়ে শিক্ষা বিভাগক এই বুলি নির্দেশ দিয়ে যে যিসকলে আবেদন জনাইছে তেওঁলোকৰ নিয়মীয়াকৰণৰ প্রক্রিয়া আগুৱাই নিব লাগে। অৱশ্যে ষ্টেটপুল ঠিকাভিত্তিক শিক্ষক সমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ শুনানি প্রক্রিয়া অব্যাহত ৰাখিব গুৱাহাটী উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ৰ এই নির্দেশৰ পাছতেই শিক্ষা বিভাগে শিক্ষকসকলৰ পদ নিয়মীয়াকৰণৰ বাবে সিদ্ধান্ত গ্রহণ কৰে। সেই অনুসৰিয়ে ২ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে নিয়মীয়াকৰণৰ বাবে আবেদন জনোৱা প্রায় ২৪ হাজাৰ শিক্ষকক নিযুক্তি-পত্র বিতৰণ কৰিব।