২২, ২৩ মাৰ্চত প্ৰথম কাজিৰঙা চ্চেছ কাৰ্নিভেল

২২, ২৩ মাৰ্চত প্ৰথম কাজিৰঙা চ্চেছ কাৰ্নিভেল

ৰঙিলী বাৰ্ত্তাসেৱা– অহা ২২ আৰু ২৩ মাৰ্চত কাজিৰঙাত অনুষ্ঠিত হ’ব দবা খেলৰ এক অভিনৱ আয়োজন, প্ৰথম ‘কাজিৰঙা চ্চেছ কাৰ্নিভেল’। কঁহৰাস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উচ্চ মাধ্যমিক বিদ্যালয়ত ১০ বছৰৰ অনুৰ্ধ, ১৫ বছৰৰ অনুৰ্ধ আৰু মুকলি শাখাত দুদিনীয়াকৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। দবা প্ৰতিযোগিতাৰ লগতে ছাত্ৰ-ছাত্ৰীকলৰ বাবে বিনামূলীয়া দবা কৰ্মশালা, দবা আৰু পৰ্যটন সম্পৰ্কীয় কুইজ, দবা খেলৰ বোলছবি প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। কাজিৰঙাস্থিত আঘোণ ফাউণ্ডেশ্যনে অসম চ্চেছ ক্লাবৰ সহযোগত প্ৰথম ‘কাজিৰঙা চ্চেছ কাৰ্নিভেল’ৰ আয়োজন কৰিছে। প্ৰতিযোগিতাখন তদাৰক কৰিব আন্তঃৰাষ্ট্ৰীয় আৰ্বিটাৰ তথা ভাৰতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক বিশ্বজিত্ ভৰদ্বাজে। আঘোণ ফাউণ্ডেশ্যনৰ সঞ্চালক অভিজিত গগৈয়ে জানিবলৈ দিয়া মতে প্ৰতিটো শাখাৰ প্ৰথম ৫ গৰাকী বিজয়ীয়ে ১ লাখতকৈ অধিক মূল্যৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ’ব। লগতে থাকিব ট্ৰফি আৰু প্ৰমাণ পত্ৰ। কাৰ্নিভেলৰ প্ৰথম দিনা পুৱা স্থানীয় ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিনামূলীয়া দবা কৰ্মশালা অনুষ্ঠিত হ’ব। এই কৰ্মশালাত প্ৰতিযোগী সকলেও অংশ ল’ব পাৰিব। বিয়লি ৩ বজাৰ পৰা মূল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ছুইছ লীগ পদ্ধতিত দুটা দিনত মুঠ ৯টা ৰাউণ্ডত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব। দবা প্ৰতিযোগিতাৰ সমান্তৰাল ভাৱে দবা খেল আৰু অসমৰ পৰ্যটন সম্পৰ্কীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰথম দিনা প্ৰতিযোগিতাৰ ৫টা ৰাউণ্ড অনুষ্ঠিত হ’ব আৰু সন্ধিয়া দবা খেলৰ বোলছবি প্ৰদৰ্শন কৰা হ’ব। দ্বিতীয় দিনা পুৱা ১০ বজাৰ পৰা প্ৰতিযোগিতাৰ ষষ্ঠ ৰাউণ্ড আৰম্ভ হ’ব আৰু দুপৰীয়া ১২ বজাত বিজয়ী সকলক বঁটা প্ৰদান কৰা হ’ব। তিনিটা শাখাত পুৰস্কাৰৰ লগতে থাকিব প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু কনিষ্ঠতম খেলুৱৈৰ বঁটা। প্ৰতিযোগিতাত যোগদানৰ মাছুল হৈছে ৫০০ টকা আৰু আগ্ৰহী সকলে www.aaghun.com ৱেবছাইটযোগে পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়নৰ অন্তিম দিন ১৭ মাৰ্চ। অভিজিত গগৈয়ে কয় যে কাজিৰঙাত এখন বিশ্বমানৰ ডবা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে যো-জা চলাই থকা হৈছে। “কাজিৰঙাৰ দাঁতি কাষৰীয়া অঞ্চলত দবা খেলৰ বহু আগ্ৰহী আৰু পাৰদৰ্শী লোক আছে। দেশ-বিদেশৰ দবা খেলুৱৈ সকলৰ সমাগমে পৰ্যটন উদ্যোগটোক লাভাম্বিত কৰাৰ লগতে স্থানীয় খেলুৱৈ সকলকো উত্সাহিত কৰিব।” ইয়াৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উচ্চ মাধ্যমিক বিদ্যালয়ত এখন দবা একাডেমী প্ৰতিষ্ঠাৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি প্ৰদান কৰা হ’ব বুলিও গগৈয়ে সদৰি কৰে। এই একাডেমীত দবা খেলৰ প্ৰশিক্ষণ আৰু নিয়মীয়া প্ৰতিযোগিতাৰ লগতে সময়ে সময়ে দেশ-বিদেশৰ খ্যাতনাম দবা খেলুৱৈ সকলৰ দ্বাৰা কৰ্মশালা আৰু বিশেষ শিবিৰৰ আয়োজন কৰা হ’ব। কাজিৰঙাৰ পৰ্যটনক বহনক্ষম আৰু বহুমুখী কৰা তোলা আৰু অসমত বছৰজুৰি পৰ্যটনৰ সম্ভৱ কৰি তোলাৰ উদ্দেশ্যৰে আঘোণ ফাউণ্ডেশ্যনে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। প্ৰথমবাৰলৈ আয়োজন কৰা কাজিৰঙা চ্চেছ কাৰ্নিভেলো এই প্ৰয়াসৰে এটা অংশ বুলি আঘোণ ফাউণ্ডেশ্যনৰ সঞ্চালক অভিজিত গগৈয়ে জানিবলৈ দিয়ে। গগৈয়ে কয় যে, কাজিৰঙাৰ বহনক্ষমতাৰ বাবে কাজিৰঙালৈ কিমান পৰ্যটক আহিল তাতকৈ গুৰুত্বপূৰ্ণ হৈছে এজন পৰ্যটকে কাজিৰঙাত কিমান সময় কটাইছে। “যেতিয়ালৈ কাজিৰঙাত পৰ্যটকে কটোৱা সময় বৃদ্ধি কৰিব নোৱাৰো, তেতিয়ালৈ কাজিৰঙাৰ সুৰক্ষা আৰু সংৰক্ষণত আটাইতকৈ গুৰুত্বপূৰ্ণ ভুমিকা লৈ অহা স্থানীয় লোকসকল পৰ্যটনৰ পৰা লাভাম্বিত হ’ব নোৱাৰিব। কাজিৰঙাৰ বহনক্ষমতাৰ ওপৰতে কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ ভৱিষ্যতৰ কথাও জড়িত হৈ আছে।”