২২ বছৰে আগলি বাঁহৰে লাহৰী গগনা নিৰ্মাণেৰে ডিব্ৰুগড়ৰ কলাখোৱা বাহঁবাৰী গাঁৱৰ লোকশিল্পী ভোগেশ্বৰ গগৈৰ অবিৰত যাত্ৰা

২২ বছৰে আগলি বাঁহৰে লাহৰী গগনা নিৰ্মাণেৰে ডিব্ৰুগড়ৰ কলাখোৱা বাহঁবাৰী গাঁৱৰ লোকশিল্পী ভোগেশ্বৰ গগৈৰ অবিৰত যাত্ৰা
এম হাছিম  আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা-  গগনা আৰণি,গগনা পুৰণি, গগনা কিহেৰে বাওঁ, দুফালে দুচাটি,মাজতে এটি আঙুলি বুলায়েই বাওঁ-অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ অন্যতম বাহেঁৰে নিৰ্মিত বাদ্যই বিহুৰ সৈতে জড়িত প্ৰয়োজনীয় বাদ্য হিচাপে আজিও অসমীয়া সমাজত  সমাদৃত । ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ  লৰুৱা মৌজাৰ কলাখোৱা বাহঁবাৰী গাঁৱৰ ভোগেশ্বৰ গগৈয়ে বিগত ২২ টা বছৰ ধৰি বাহেঁৰে নিৰ্মিত নান্দনিক সুৰ সমলয় সৃষ্টি কৰা গগনা বাদ্য বনাই অসমীয়া লোক সংস্কৃতিৰ শিল্পী হিচাপে পৰিচিত হৈ আহিছে। বছৰি ধোৱাঁ চাঙত তুলি থোৱা আগলি বাহঁডাল নমাই আনি বহাগ বিহুলৈ বাকী থকা বহুদিনৰ আগৰে পৰা গগনা বাদ্য নিৰ্মাণত ব্যস্ত হৈ অহা কলাখোৱা বাহঁবাৰী গাঁৱৰ লোকশিল্পী ভোগেশ্বৰ গগৈয়ে এই বছৰো লাহৰী গগনা বাদ্য নিৰ্মাণত একান্তমনে ব্যস্ত হৈ পৰিছে। প্ৰতি বছৰৰ দৰে এই বছৰো  দূৰ-দূৰণিৰ পৰা কলাখোৱা গাঁৱৰ লোকশিল্পী ভোগেশ্বৰ গগৈয়ে নিৰ্মাণ কৰা লাহৰী গগনা নিবলৈ আহে। ইতিমধ্যে শতাধিক লাহৰী গগনা বনোৱাত ব্যস্ত কলাখোৱাৰ লোকশিল্পী ভোগেশ্বৰ গগৈ।অতিশয় নিপুণ, সুন্দৰ সুৰ সমলয় শব্দ নিগৰিত লাহৰী গগনা বাদ্য নিৰ্মাণ কৰি লৰুৱা মৌজাৰ কলাখোৱা বাহঁবাৰী গাঁৱৰ লোকশিল্পী ভোগেশ্বৰ গগৈয়ে নিজৰ শৈল্পিক প্ৰতিভাৰ পৰিচয় প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। কোনো প্ৰশিক্ষণ আৰু কাৰিকৰী শিক্ষা গ্ৰহণ নকৰাকৈয়ে কলাখোৱা বাহঁবাৰী গাঁৱৰ লোকশিল্পী গগৈয়ে নিজৰ হাতৰ পৰশেৰে , বুদ্ধিমত্তা, চিন্তা, কৌশল আৰু শৈল্পিক শৈলীৰে গগনা বাদ্য বাহেঁৰে নিৰ্মাণ কৰি অসমীয়া লোক সংস্কৃতিলৈ এক সুকীয়া অৱদান আগবঢ়াইলৈ গৈছে। আজিও চৰকাৰীভাৱে আবন্টিত আচঁনিৰ পৰা বঞ্চিত কলাখোৱা বাহঁবাৰী গাঁৱৰ লোকশিল্পী গগৈয়ে নিজৰ কৃষি কৰ্মৰে নিয়োজিত হৈ জীৱন আৰু জীৱিকা নিৰ্বাহ কৰি অহাৰ মাজতে অসমীয়া লোক সংস্কৃতিৰ প্ৰতীক বহাগ বিহুৰ অন্যতম আগলি বাহেঁৰে গগনা প্ৰস্তুত কৰি লোকশিল্পী ভোগেশ্বৰ গগৈয়ে অসমীয়া লোক সংস্কৃতিৰ পথাৰলৈ অনবদ্য অৱদান আগবঢ়াবলৈ সক্ষম হৈছে।গগৈৰ এই সফলতাত অঞ্চলটো উৎসাহিত হৈছে।