২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অহা ২২ ফেব্ৰুৱাৰীত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব। মঙলবাৰে নিশা এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সোমবাৰে পুৱা ৰাজ্যৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰি কংগ্ৰেছ ত্যাগ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক ভূপেন বৰাই । তাৰ পিছতেই কংগ্ৰেছ দলত লাগিছিল হাহাকাৰ । সকলো নেতা দৌৰি আহিছিল ভূপেন বৰাৰ ঘৰলৈ । চেষ্টা কৰিছিল বুজনিৰ। গৌৰৱ গগৈ, জিতেন্দ্ৰ সিঙকে ধৰি দলীয় শীৰ্ষ নেতৃত্বৰ বুজনিৰ পাছত ভূপেন বৰাই সময় লৈছিল যদিও পদত্যাগ পত্র উঠাই লোৱা নাছিল । উল্লেখ্য যে সোমবাৰে ভূপেন বৰাই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ পাছত মঙলবাৰে সন্ধিয়াৰ ভাগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভূপেন বৰাৰ গুৱাহাটীৰ ঘোঁৰামাৰাস্থিত বাসভৱনত উপস্থিত হয় আৰু প্ৰায় ডেৰ ঘণ্টাৰো অধিক সময় বৰাৰ সৈতে আলোচনাত মিলিত হয়। সদ্য কংগ্ৰেছত্যাগী ভূপেন বৰাৰ সৈতে হোৱা আলোচনাৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনক কাষত বহুৱাই সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে অহা ২২ ফেব্ৰুৱাৰীত বৰাই বিজেপিত যোগদান কৰিব। ভূপেন বৰাৰ সৈতে বহু কংগ্ৰেছী নেতা-কৰ্মীয়ে যোগ দিব বিজেপিত । যোগদানৰ সময় আৰু স্থান বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ঠিক কৰিব। মুখ্যমন্ত্রীয়ে কয়, কংগ্ৰেছত থাকিও ভূপেন বৰাই অসমৰ খিলঞ্জীয়া লোকৰ বাবে কাম কৰি আহিছে । তেওঁ বহু কষ্ট পাইহে বিজেপিত আহিছে । ভূপেন বৰাই দৰদাম কৰি বিজেপিত যোগ দিয়া নাই । যথাযোগ্য সন্মান ভূপেন বৰাক দিয়া হ’ব বিজেপিত । ভূপেন বৰাৰ বাবে অসমত সমষ্টিৰ অভাৱ নাই । ভূপেন বৰা বিজেপিৰ এজেন্ট নাছিল । ভূপেন বৰাৰ উদ্যোগত লখিমপুৰত হ’ব বিশাল যোগদান কাৰ্যসূচী । যোৱানিশাই তেওঁ বিজেপিত যোগদানৰ সিদ্ধান্ত হৈছিল । ইতিমধ্যে তেওঁৰ যোগদানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে সন্মতি জনাইছে । ভূপেন বৰাক কাষত বহুৱাই মুখ্যমন্ত্ৰীয়ে কয়, “ভূপেন বৰাই কালিয়েই মোক ফোনত কৈছিল বিজেপিত যোগদান কৰিব বুলি । ভূপেন বৰাৰ কাৰণে বিজেপিত ভাল সমষ্টিৰ অভাৱ নাই । লাগিলে জালুকবাৰী সমষ্টি আছে । মই আশা কৰোঁ ভূপেন বৰাই বিজেপিলৈ আহি ভাল পাব । কালিৰে পৰা বৰাৰ সৈতে তেওঁৰ যোগাযোগ চলি আছিল আৰু অহা ২২ ফেব্ৰুৱাৰীত বৰাই বিজেপিত যোগদান কৰাটো নিশ্চিত হয়। বিশেষ কোনো ৰাজনৈতিক আলোচনা হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে অহা কাইলৈ কোনো এটা সময়ত মই আৰু বৰা আলোচনাত মিলিত হ’ম। সেই আলোচনাত ৰাজনৈতিক বিষয়ে আলোচনা কৰা হ’ব। তদুপৰি বৰাৰ বিজেপিত যোগদানৰ সময়, কাৰ্যসূচী আদি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বৰাৰ সৈতে আলোচনা কৰি চূড়ান্ত কৰিব। মুখ্যমন্ত্রীয়ে লগতে কয়, আজি ৰাজনীতিৰ কথা ইমান পতা নাই । কাইলৈ কোনোবা এটা সময়ত বহি কথা পাতিম । ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে যোগদান কৰিব । ভূপেন বৰা কংগ্ৰেছৰ অন্তিমজন স্বীকৃত হিন্দু নেতা । প্ৰদ্যুৎ বৰদলৈ হিন্দু নেতা যদিও তেওঁ জয়ী হৈছে ৯০ শতাংশ অন্য সম্প্ৰদায়ৰ পৰা । ভূপেন বৰাৰ ৰাজনীতি অসমীয়া মানুহক লৈ । তেওঁ স্বীকৃতি কংগ্ৰেছ দলৰ শেষৰজন হিন্দু নেতা । এইটো ভূপেন বৰাৰ প্ৰতি মোৰ সন্মান । কংগ্ৰেছত থাকিও ভূপেন বৰাৰ অসমীয়া মানুহৰ বাবে কাম কৰি আছিল । তদুপৰি লখিমপুৰতো বৰাৰ নেতৃত্বত এক যোগদান সমাৰোহ পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিত হ’ব। উক্ত অনুষ্ঠানত জিলাখনৰ লখিমপুৰ, ৰঙানদী, বিহপুৰীয়া, নাওবৈচা সমষ্টিৰ বহু কংগ্ৰেছ নেতাই যোগদান কৰিব। কংগ্ৰেছ দলত বৰাই যি অস্বস্তিত থাকিবলগীয়া হৈছিল, বিজেপিত সেই পৰিৱেশ নাপায় বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিজেপিত বৰাক উপযুক্ত মঞ্চ দিয়া হ’ব। আনহাতে, ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকৃক্ষণত নগাঁৱৰ কংগ্ৰেছ সাংসদ প্রদ্যুৎ বৰদলৈয়েও বিজেপিত যোগদান কৰিব বুলি মুখ্যমন্ত্রী ড° শর্মাই জানিবলৈ দিয়ে। সেইদৰে বৰ্তমানৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আসন্ন বিধানসভা নিৰ্বাচনত পৰাজিত হ’ব বুলি ভবিষ্যদ্বাণী কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বিধানসভা নিৰ্বাচনত শইকীয়াৰ পৰাজয়ৰ পাছতেই তেওঁৰ মাতৃ ড° হেমপ্রভা শইকীয়াৰ সৈতে কথা পাতি বিজেপিলৈ অনা হ’ব বুলি জানিবলৈ দিয়ে। শইকীয়া বিধায়ক হৈ থকা অৱস্থাত বিজেপিত যোগদান কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে প্রাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে তেওঁ বিধায়ক হৈ থকা অৱস্থাত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাটো সম্ভৱ নহয়। কংগ্ৰেছত সম্প্ৰতি হিন্দুৰ স্থান নোহোৱা হোৱাৰ কথা উল্লেখ কৰি ইয়াৰ বাবে ৰকিবুল হুছেইনৰ আগ্রাসী মানসিকতাকে সমালোচনা কৰে। হুছেইনক সংখ্যালঘু নেতাসকলেও বেয়া পায়।
