২২ ডিচেম্বৰত প্ৰদান কৰা হ’ব স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ নিযুক্তিপত্ৰ

২২ ডিচেম্বৰত প্ৰদান কৰা হ’ব স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ নিযুক্তিপত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ২২ ডিচেম্বৰত  স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ পৰীক্ষাত উত্তীর্ণসকলক নিযুক্তি-পত্র প্ৰদান কৰা হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিলে। উল্লেখ্য যে ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকৰ নিযুক্তি-পত্ৰ বিতৰণৰ পাছত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ নিযুক্তি-পত্ৰ বিতৰণৰ দিনো ঘোষণা কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ইতিপূর্বে ঘোষণা কৰিছিল যে চলিত ডিচেম্বৰ মাহৰ ভিতৰতে বিভিন্ন বিভাগৰ নিযুক্তি-পত্ৰসমূহ বিতৰণ কৰা হ’ব। শিক্ষকৰ নিযুক্তিৰ পাছত কনিষ্টবলৰত নিযুক্তি প্রদান সম্পন্ন কৰি এইবাৰ অহা ২২ ডিচেম্বৰত স্বাস্থ্য বিভাগৰ নিযুক্তি-পত্ৰ বিতৰণৰ বাবে সাজু হৈছে চৰকাৰ। সামাজিক মাধ্যমযোগে  মুখ্যমন্ত্রী ড° শৰ্মাই ইয়াকো স্পষ্ট কৰে যে অতি সোনকালে এডিআৰই উত্তীর্ণসকলকো নিযুক্তি-পত্র প্রদান কৰা হ’ব। এডিআৰই নিযুক্তি প্রক্রিয়াটো জটিল হোৱা বাবেই কিছু সময়ৰ প্ৰয়োজন হৈছে বুলিও সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ শৰ্মাই স্পষ্ট কৰিছে।