২২ টা সমষ্টিত নতুন প্ৰাৰ্থীক টিকট দিব বিজেপিয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় দল বিজেপিৰ তৎপৰতা আৰু অধিক বৃদ্ধি পাইছে । ‘২৬ৰ নিৰ্বাচনক লৈ শাসকীয় দলটোৰ মাজত চলি থকা তৎপৰতাৰ মাজতে আগন্তুক বিধানসভা নির্বাচনত ২২টা সমষ্টিত নতুন মুখক প্রাধান্য দিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে নিশা বাজপেয়ী ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বিজেপিৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয় ।এই গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে মুখ্যমন্ত্রী ড° শৰ্মাই এই মন্তব্য প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই ইয়াকো স্পষ্ট কৰে যে প্রতিজন বিধায়কে টিকট পোৱাটো নিশ্চিত নহয়। আগন্তুক নির্বাচনত দলীয় টিকট লাভ কৰিব বুলি এঁকপ্ৰকাৰ নিশ্চিত হৈ থকা বিজেপি বিধায়কৰ বাবে মুখ্যমন্ত্রীয়ে কৰা এই ঘোষণাই স্বাভাৱিকতে সৃষ্টি কৰিছে খেলিমেলি। বাজপেয়ী ভৱনত অনুষ্ঠিত বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠকত প্রার্থী তালিকা সন্দর্ভতো বিস্তৃত আলোচনা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপৰিও এই বৈঠকত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, নির্বাচনী প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, সহঃপ্ৰভাৰী দর্শনা জৰ্দোশ উপস্থিত আছিল । কেইবাজনো শীর্ষ নেতাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকতে সম্ভাব্য দলীয় প্রার্থীৰ ক্ষেত্ৰত এলানি নীতি গ্রহণ কৰাৰো সিদ্ধান্ত লোৱা হয়। মুখ্যমন্ত্রী ড° শৰ্মাই এই সন্দৰ্ভত কয়- প্রত্যেকগৰাকী বিজেপি বিধায়কে টিকট পাব বুলি নিশ্চয়তা কোনেও দিব নোৱাৰে। পাঁচ বছৰৰ কাৰণে বিধায়ক হয়, পিছৰ পাঁচ বছৰৰ জনপ্ৰিয়তাৰ ওপৰতহে দলে টিকট দিয়ে। বিজেপিত প্রার্থিত্বৰ বাবে আবেদনৰ ব্যৱস্থা নাই। গতিকে বুথ কমিটীয়ে ৰাজ্যিক নির্বাচনী কমিটীলৈ যি প্রার্থী তালিকা প্ৰেৰণ কৰিব, ৰাজ্যিক নির্বাচনী কমিটীয়ে প্ৰতিটো সমষ্টিৰ বিপৰীতে অহা ২-৩টা প্ৰাৰ্থীৰ নাম দলৰ সংসদীয় ব’ৰ্ডলৈকে প্ৰেৰণ কৰা হয়। সংসদীয় ব’র্ডে সভাত তালিকা প্রস্তুত কৰে। সংসদীয় ব’ৰ্ডৰ সভাত কি সিদ্ধান্ত গ্রহণ কৰে সেয়া দুমাহ আগতে কোনেও ক’ব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে ইয়াকো স্পষ্ট কৰে যে এইবাৰ ২২টা সমষ্টিত নতুন মুখক প্রাধান্য দিয়া হ’ব পুৰণি বিধায়কৰ নাম নকটাকৈ। ১০৩টা সমষ্টিত আমি প্রতিদ্বন্দ্বিতা কৰিম বুলি যি ঘোষণা কৰিছিলোঁ, সেই ১০৩টা সমষ্টিৰ ভিতৰতে ২২টা নতুন সমষ্টি আছে। গতিকে ১০৩জন প্ৰাৰ্থীৰ ভিতৰত ২২জনক আমি নতুনকৈ প্রার্থিত্ব প্রদান কৰিব পাৰিম। যদি কিবা কাৰণত ১০জন বিধায়ক পৰিৱৰ্তনো হয়, তেন্তে এই সংখ্যা ৩২জনলৈ বৃদ্ধি হ’ব। এইবাৰ আমাৰ হাতত আসন বেছি আছে। গতিকে নতুন প্রার্থীক আমি সুযোগ দিম। ইফালে মুখ্যমন্ত্রীয়ে একাংশ বিধায়কৰ টিকট কৰ্তনৰ সম্ভাৱনাকো উল্লেখ কৰা বিষয়টোৱে দলৰ ভিতৰচ’ৰাত কোন কোন বিধায়কৰ টিকট কৰ্তন হ’ব, তাক লৈও যথেষ্ট চর্চা চলিছে। এনে চৰ্চাৰ মাজতে অহা ২৯ জানুৱাৰীত পুনৰ অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। কেইবাটাও চৰকাৰী কাৰ্যসূচীৰে অসমলৈ আহিবলগা গৃহমন্ত্রী অমিত শ্বাহে এই ভ্রমণতে দলীয় প্রার্থী সন্দর্ভত আৰু অগপ, বিপিএফ, ইউপিপিএলৰ সৈতে মিত্ৰতাৰ প্রসংগতো আলোচনাত বহাৰ সম্ভাৱনা আছে। উল্লেখ্য যে বাজপেয়ী ভৱনত অনুষ্ঠিত বিজেপিৰ বৈঠকত অহা ১৭-১৮ জানুৱাৰীত অসমলৈ আহিবলগা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ সন্দর্ভতো বিস্তৃত আলোচনা হয়। এই বৈঠকতে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে গ্রহণ কৰিবলগীয়া বিভিন্ন কার্যসূচী সন্দর্ভতো আলোচনা হয়। সেইমর্মে অহা ৫ জানুৱাৰীৰ পৰা বিজেপিয়ে সমগ্ৰ ৰাজ্যতে দলৰ চিহ্ন আঁকি বিভিন্ন শ্লোগানেৰে ৱাল পেইন্টিং কৰিব। সমান্তৰালভাৱে সম্ভাব্য নিৰ্বাচনৰ তাৰিখৰ প্ৰতি লক্ষ্য ৰাখি অসমলৈ নির্বাচনী প্ৰচাৰ চলাবলৈ কোন কোন নেতাক আমন্ত্রণ কৰিব, দলৰ মিত্ৰতাৰ প্ৰসংগ, প্ৰাৰ্থীৰ তালিকাৰ বিভিন্ন দিশ সন্দর্ভতো বৈঠকত বিস্তৃত আলোচনা হয়।
