২২ অক্টোবৰৰ পৰা অসম ফেন্সিং সন্থাৰ উদ্যোগত ৰাজ্যিক ফেন্সিং প্ৰশিক্ষণ শিবিৰ

pc- facebook

২২ অক্টোবৰৰ পৰা অসম ফেন্সিং সন্থাৰ উদ্যোগত ৰাজ্যিক ফেন্সিং প্ৰশিক্ষণ শিবিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম ফেন্সিং সন্থাৰ উদ্যোগত গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পত ২২-২৯ অক্টোবৰত পঞ্চম অসম ৰাজ্যিক ফেন্সিং প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ’ব। শিবিৰটোত অংশগ্ৰহণৰ বাবে ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ ১১৫জন (ল’ৰা ৬২ আৰু ছোৱালী ৫৩) খেলুৱৈয়ে যোগদান নিশ্চিত কৰিছে। বৃহস্পতিবাৰে এই সন্দৰ্ভত এখন সংবাদমেল আয়োজন কৰি অসম ফেন্সিং সন্থাৰ সভাপতি দুৰ্গা দাস বড়োৱে কয় যে এই শিবিৰত পুৰণি খেলুৱৈৰ লগতে নতুন খেলুৱৈসকলকো বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব। শিবিৰটোত এপী, ফইল আৰু ছাব্ৰে ইভেন্টৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। শিবিৰটোত প্ৰশিক্ষণ প্ৰদান কৰিব মণিপুৰৰ দুই প্ৰশিক্ষক ৰঞ্জিত সিং আৰু এটম চাওলিন মেইতে, অসম ফেন্সিং সন্থাৰ দুই প্ৰশিক্ষক বিশ্বজিত মেইতে আৰু মাণিক বড়ো আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰশিক্ষক ৰৌছন মেইতেয়ে। উল্লেখ্য, প্ৰশিক্ষণ শিবিৰটোৰ পাছতে ৩০-৩১ অক্টোবৰত ছাব জুনিয়ৰ, কেডেট, জুনিয়ৰ আৰু ছিনিয়ৰ ৰাজ্যিক ফেন্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে অসম দল বাছনি কৰা হ’ব। সংবাদমেলত অসম ফেন্সিং সন্থাৰ সম্পাদক বিপুল শৰ্মা, কোষাধ্যক্ষ অংশুমান দত্তৰ লগতে আন বিষয়ববীয়াসকল উপস্থিত থাকে।