২১ জুন আন্তৰ্জাতিক যোগ দিৱস – মঞ্জু কাকতি

সফলতাৰ শিখৰত

২১ জুন আন্তৰ্জাতিক যোগ দিৱস 

মঞ্জু কাকতি,শুৱালকুছি

যি উদ্যমৰ দ্বাৰা চিত্তবৃত্তিৰ নিৰোধ হয় আৰু বিশেষ কোনো বস্তু বা অৱস্থাত চিত্তবৃত্তি যুক্ত হয়, সেয়াই প্রকৃত পক্ষে যোগ ।

“যোগস্থ:কুৰু কৰ্ম্মানি সংগ ত্যক্তা ধনঞ্জয়
সিদ্ধ্যাসিদ্ধো: সমোভূত্ত্বা সমত্বং যো উচ্যতে “

নিৰ্বিকাৰভাৱে কাম কৰা আৰু কামৰ ফলত শাৰীৰিক বা মনৰ সমত্ব লাভ কৰাই হৈছে যোগ।

স্বাস্থ্যই পৰম ধন। আমাৰ দেহটোক সুস্থ সবল কৰি ৰাখিবলৈ যোগৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু অতি প্রাচীন কালৰে পৰাই যোগাসনক অতুলনীয় ৰূপত দেখা যায়। ভাৰতবৰ্ষ এখন ঋষি-মনীষীৰ দেশ। এই দেশৰ মাটিতেই এদিন আৰ্য ঋষিৰ মহা ওঁকাৰ ধ্বনি স্ফুৰিত হৈ সৰ্বত্র বিয়পি পৰিছিল। যোগ কৰা এটি পৱিত্র অভ্যাস । ইয়াৰ জৰিয়তে আমাৰ শৰীৰৰ ভিতৰৰ কোষবোৰ শক্তিশালী হয় আৰু যি কোনো বেমাৰক সোনকালে প্রতিৰোধ কৰিব পাৰে। যোগৰ অনুশীলনত আমাৰ গ্রন্থি সমূহ সবল হয়। বায়ু ধাৰণ ক্ষমতা বাঢ়ে আৰু অক্সিজেন সেৱন কৰি অপ্রয়োজনীয় কাৰ্বন ডাই অক্সাইড আমাৰ দেহৰ পৰা উলিয়াই দিয়ে। অকল যে যোগে আমাৰ নিৰোগী আৰু শক্তিশালী দেহ গঠন কৰিব পাৰে এনে নহয় ইয়াৰ কাৰণে লাগিব সুষম খাদ্য আৰু মানসিক সুস্থতা আৰু ইয়াতেই নিহিত থাকে শৰীৰৰ আৰাম।

মনৰ সন্তুষ্টি পৃথিৱীৰ আতাইতকৈ ডাঙৰ ধন। শৰীৰে নুবুজে মনৰ ব্যাথ্যা আকৌ মনে বুজে শৰীৰৰ ব্যাথ্যা কিয়নো মনৰ ব্যাথ্যা ইমানেই শক্তিশালী তাৰ ভৰত শৰীৰ দুৰ্ব্বল হৈ পৰে কিন্তু শৰীৰ অসুস্থ হলেও মনৰ যদি সৰ্বাঙ্গপ্রকাৰে সবলতা থাকে তেতিয়া শক্তিশালী সবলতাই শৰীৰৰ অসুস্থতা সোনকালে আঁতৰাই।প্রতিগৰাকী চিকিৎসকেই জানে আৰু তেওঁলোকৰ অধিকাংশই স্বীকাৰ কৰে যে, কোনোবা ৰোগীক নিৰাময় কৰাৰ ক্ষেত্রত ৰোগীৰ মানসিক সবলতা বা ভংগী আন যিকোনো উপায়তকৈ বেছি গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰে। মন একাগ্র নহ’লে দীৰ্ঘস্থায়ী উদ্বেগ , হতাশা, ঋণাত্মক চিন্তাৰে ভৰি পৰে।

শাৰীৰিক আৰু মানসিক সমস্যাবোৰে হৃৎপিণ্ড , কিডনী, যকৃত আদি গুৰুত্বপূৰ্ণ অংগ-প্রত্যংগৰ গভীৰভাৱে ক্ষতিসাধন কৰিব পাৰে। সেয়ে মন শক্তিশালী কৰিবলৈ প্রাণায়ামস্বৰূপ মেডিটিচনৰ অতি দৰকাৰ। লগতে অৰ্শ, লিভাৰ, কিডনী, পেৰালাইছিছ,পেটৰ নানান সমস্যা , হাওঁফাওঁ, হৃৎপিণ্ড সম্পৰ্কীয় নানা ভয়াবহ ৰোগ যোগ সাধনাৰ দ্বাৰা সম্পূৰ্ণ নিৰাময় হয়। এনে নিৰাময়ৰ সফলতাৰ প্রতি লক্ষ্য ৰাখি বিশ্বৰ সমগ্র জনগণক যোগচৰ্চ্চাৰ প্রতি সজাগ কৰাৰ নিমিত্তে ৰাষ্ট্রসংঘত ভাৰতৰ উদ্যোগত প্রথম আন্তৰ্জাতিক যোগ দিৱস ২১ জুন ২০১৫ চনত উদযাপন কৰা হয়। ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২১ জুনটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰাৰ প্রস্তাৱটো ২০১৪ চনৰ ২৭ডিচেম্বৰত ৰাষ্ট্রসংঘত আগবঢ়াই আৰু ১১ ডিচেম্বৰত ১৯৩ খন ৰাষ্ট্রৰ ভিতৰত ১৭৫ খন ৰাষ্ট্রৰ সমৰ্থনত প্রস্তাৱটো গৃহীত হয়।প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বত যোগ ইতিমধ্যে এক বিশ্বব্যাপী আন্দোলনত পৰিণত হৈছে , কিয়নো বিশ্বৰ অধিক সংখ্যক লোকেই ইয়াৰ অংশীদাৰ হৈছে।

যোগৰ প্রচ্ছন্ন লক্ষ্য হ’ল এখন আদৰ্শ পৰিপূৰ্ণ মানৱ সমাজ বা ৰাষ্ট্র গঠন। এই ক্ষেত্রত ব্যক্তিৰ পঞ্চস্তৰীয় ব্যক্তিত্ব বিকাশক প্রাথমিক স্তৰ হিচাপে গণ্য কৰা হৈছে। ব্যক্তিৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ আৰু সমাজৰ পৰা ৰাষ্ট্রলৈ পৰিপূৰ্ণ মানৱতাৰ অনুভূতিময় এখন জগত প্রতিষ্ঠা কৰা যোগীসকলৰ সপোন। যোগীয়ে যোগ সাধনা কৰে ব্যক্তিগতভাৱে , কিন্তু প্রাৰ্থনা মন্ত্রত বিশ্ববাসীৰ কল্যাণ কামনা কৰে।ৰোগ- শোক, দুখ– দুৰ্দশাৰ পৰা মুক্ত এক সমাজ প্রতিষ্ঠাৰ কামনাৰে যোগীয়ে প্রাৰ্থনা কৰে—

‘সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া: ।
সৰ্বেভদ্রানিপশ্যন্ত মা কশ্চিৎ দু:খমাপ্লুয়াৎ’

অৰ্থাৎ বিশ্বৰ সকলোৱে সুখী হওঁক, সকলোৱে নিৰাময় হওঁক। কাকো যেন দুখে স্পৰ্শ কৰিব নোৱাৰে।

ভাৰতীয় যোগবিদ্যাৰ মতে মানুহৰ অস্তিত্বৰ মুঠ পাঁচটা স্তৰ বিদ্যমান। এই স্তৰ কেইটা হ’ল—- শাৰীৰিক , মানসিক, আৱেগিক, বৌদ্ধিক আৰু আধ্যাত্মিক।মানুহৰ সৰ্বাংগীন বিকাশৰ বাবে এই পাঁচটা স্তৰৰ যদি এটাৰো সমবিকাশ নহয়, তেন্তে মনুষ্যত্বৰ বিকাশ বাধাগ্ৰস্ত হয় । ভাৰতীয় যোগ শাস্ত্রমতে মানুহৰ অস্তিত্বৰ এই পাঁচটা স্তৰক ক্রমান্বয়ে অন্নময় কোষ,প্রাণময় কোষ, মনোময় কোষ, বিজ্ঞানসন্মত কোষ আৰু আনন্দময় কোষ বুলি অভিহিত কৰিছে। এই কোষবোৰেই ব্যক্তি এজনৰ অনুভূতিৰ সূচক য’ত শাশ্বত আনন্দ লাভ কৰে যাৰ দ্বাৰা ব্যক্তিয়ে নিজৰ জীৱন সম্পৰ্কে সৰ্বোচ্চ উপলব্ধি কৰে। ইয়াৰ দ্বাৰাই আমি বুজিব পাৰো যে যোগব্যৱস্থাই ৰোগবিহীন-জৰাৰহিত তথা সুস্থ মনৰ অধিকাৰী হৈ দীৰ্ঘজীৱনৰ পথ প্রশস্ত কৰে ।

যোগৰ দ্বাৰাই এজন ব্যক্তি শাৰিৰীক , মানসিক, আধ্যাত্মিক,নৈতিক আৰু বৌদ্ধিকভাৱে শক্তিশালী হয়। যোগশাস্ত্রই মনুষ্যত্বৰ পৰিপূৰ্ণ বিকাশৰ সাধন কৰি ব্যক্তিক প্রকৃত মানৱ হিচাপে গঢ় দিয়াত সহায় কৰে। এনে মানৱৰ দ্বাৰাহে এখন সুন্দৰ সমাজৰ আশা কৰিব পাৰি। গতিকে দেখা যায় যে এজন ব্যক্তি নিৰমাণ আৰু সমাজ নিৰ্মাণত যোগৰ ভূমিকা অপৰিসীম । এনে অপৰিসীমতাৰ প্রতি লক্ষ্য ৰাখিয়েই পালন কৰা হয় “২১ জুন আন্তৰ্জাতিক যোগ দিৱস”।

” যোগ দিৱস উদযাপনক সাফল্যমণ্ডিত কৰি তোলা, যোগৰ সমৃদ্ধ ঐতিহ্যক সৰোগত কৰি এখন স্বাস্থ্যৱান তথা সুখী ভাৰতবৰ্ষ গঢ়ি তোলাৰ দিশত জনসাধাৰণক সজাগ কৰা ” প্রতি বছৰৰ দৰে (২০২৩) চনতো এনে উদ্দেশ্যৰে পালন কৰা হৈছিল “২১ জুন আন্তৰ্জাতিক যোগ দিৱস”।

ঠিক তেনেকৈ যোৱা বছৰ (২০২৪) টো এই দিৱসৰ উদ্দেশ্য আছিল “যোগ নিজৰ লগতে সমাজৰ বাবে”। সুন্দৰকৈ এনে উদ্দেশ্যে সাফল্যমণ্ডিত হোৱাত আমি ন দি কব পাৰো যে সফলতাৰ শিখৰত “২১ জুন আন্তৰ্জাতিক যোগ দিৱস।”

এইবছৰ (২০২৫) ৰ আন্তৰ্জাতিক যোগ দিৱসৰ উদ্দেশ্য হৈছে ” এক পৃথিৱী, এক স্বাস্থ্যৰ জন্যে যোগ কি? ” What is “Yoga for One Earth, One Helth?”সুন্দৰ উদ্দেশ্য ,এই মহান উদ্দেশ্যৰসহিতে সকলো সুস্থ থাকক সদায় নিৰোগী হৈ থাকক।