২১ আগষ্টৰ পৰা নাট্যযাত্ৰাৰ পাতনি মেলিব হেঙুল থিয়েটাৰে, সৰ্বত্ৰে চৰ্চাত ‘বিড়ি’
মৃদুস্মিতা শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা- খাটি খোৱা মানুহবোৰে বিড়ি হুপি ভাল পায়। তেনে এজন যুৱকে এদিন বিড়িটো জ্বলাই লৈ এনে এটা কাণ্ড কৰি পেলায় যি আছিল অবিচাৰ্য আৰু অকল্পনীয়। সেই বিড়ি হোপা যুৱকজনৰ সতে এগৰাকী আধুনিক যুৱতীৰ মৰ্মস্পৰ্শী প্ৰেম কাহিনীৰে সমৃদ্ধ নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ ‘বিড়ি’ নাটখনক লৈ অহা ২১ আগষ্টৰ পৰা নাট্যযাত্ৰাৰ পাতনি মেলিবলৈ সাজু হৈছে হেঙুল থিয়েটাৰ। ইতিমধ্যে ‘বিড়ি’ক লৈ সৰ্বত্ৰে চৰ্চা চলি আছে। লক্ষণীয় কথাটো হল- নাটকৰ ব্যতিক্ৰমী নামটো ঘোষণা কৰা দিনৰে পৰা অসমৰ নাট্যপ্ৰেমীয়ে যি তীব্ৰ উৎকণ্ঠা দেখুৱাই আহিছে, আৰু তাৰেই সমাপ্তি ঘটিব অহা ২১ আগষ্টৰ পৰা। অভিজ্ঞ নাট পৰিচালক সংকল্পজিত হাজৰিকাই পৰিচালনা কৰা ‘বিড়ি’ নাটখনক আৱহ সংগীতেৰে সজাইছে জনপ্ৰিয় সংগীত পৰিচালক অৰূপ বৰুৱাই। নাটখনত চাৰিটা সুমধুৰ গীত সন্নিৱিষ্ট কৰা হৈছে। গীত সমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, দীক্ষু, দীপলিনা আৰু সিদ্ধান্ত সাগৰে। নাট্যদলটোৱে মঞ্চস্থ কৰিব লগা অন্য দুখন নাটক হৈছে নাট্যকাৰ প্ৰণৱ বৰুৱাৰ ‘চিলনী’ । এই নাটখনৰ আৱহ সংগীত পৰিচালনা কৰিছে অহিৰ ভৈৰৱে লগতে হেঙুল থিয়েটাৰৰ বাবে এইবেলি বিশিষ্ট নাট্যকাৰ প্ৰণৱ ভৰালীয়ে ৰচনা কৰিছে ‘মছজিদ ৰোড নামঘৰ পথ’ নামেৰে এখন ব্যতিক্ৰমী নাটক । নাট্যদলটোৰ অভিনয়ৰ দিশত আছে- জনপ্ৰিয় অভিনেতা কমললোচন, মহেশ বৰা, নিৰুপম শইকীয়া, হিমাংশু গগৈ , দেৱজিত বৰা, অলকেশ হাজৰিকা, গৌতম ৰাজ, জয়ন্ত বৰ্মন, ধ্রুৱজ্যোতি ঢেকিয়াল ফুকন, ৰঞ্জিত বৰ্মন, অভিনেত্ৰী স্নিগ্ধা গগৈ, অশ্ৰুমণি বৰা, শিল্পীশিখা বৰা, হেলেনা আখটাৰৰ লগতে এদল মঞ্চাভিজ্ঞ অভিনয় শিল্পী। নাট্যদলটোৰ সম্পাদকৰ দায়িত্বত আছে পল্লৱ চুতীয়া । অহা ২১ আগষ্টত ‘চিলনী’ নাটখনেৰে মৰিয়নীৰ বাপুজি ষ্টেডিয়ামত নাট্যদলটোৱে চলিত বৰ্ষৰ নাট্যযাত্ৰাৰ পাতনি মেলিব বুলিও জানিবলৈ দিয়ে পৰিকল্পক পংকজ হাজৰিকাই।