২০ শতাংশ বৃদ্ধি পালে ঔষধৰ মূল্য
ৰঙিলী বাৰ্ত্তাসেৱা- জনতাৰ মূৰত মাধমাৰ শোধাই এইবাৰ বৃদ্ধি হ’ল সততে ব্যৱহাৰ হৈ থকা বহু গুৰুত্বপূৰ্ণ ঔষধৰ মূল্য। পেট্ৰ’ল-ডিজেলকে ধৰি অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত ইতিমধ্যে কোঙা হৈছে সাধাৰণ ৰাইজ। এনে সময়তে বৃদ্ধি পালে ঔষধৰ খুচুৰা মূল্য। অর্থাৎ প্রয়োজনীয় ঔষধকেইবিধ ক্রয় কৰিবলৈ যাওঁতেও এতিয়াৰ পৰা গ্ৰাহকে ভৰিব লাগিব অধিক ধন। দৈনন্দিন প্ৰায়ভাগ সময়ে ব্যৱহাৰ কৰা ঔষধৰ দামো বৃদ্ধি পাইছে। মধুমেহ, ৰক্তচাপ, গেষ্ট্ৰিক আদি ঔষধৰ দাম বৃদ্ধি পাইছে। জ্বৰ, কাহ, চৰ্দি আদি ৰোগৰ ঔষধৰ দামো শেহতীয়াভাৱে অত্যধিক হাৰত বৃদ্ধি পাইছে।