২০ ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ৮ হাজাৰকৈ টকা
ৰঙিলী বাৰ্ত্তাসেৱা-নৱবৰ্ষৰ প্ৰথম দিনটোতে সুখবৰ কঢ়িয়াই আনিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। নৱবৰ্ষত অৰুণোদয়ৰ মহিলাসকলক এক উপহাৰ দিব বুলি পূর্বে ঘোষণা কৰা মুখ্যমন্ত্রী ড° শর্মাই প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক ফেব্ৰুৱাৰী মাহত বিহুৰ উপহাৰ স্বৰূপে ৮ হাজাৰ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে। নৱবৰ্ষৰ প্ৰথম দিনটোত সংবাদ মাধ্যমৰ সৈতে অনুষ্ঠিত কৰা নতুন দিনৰ আলাপত এই ঘোষণা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰাক লৈ সদায়ে এটা বিতৰ্কৰ সৃষ্টি হৈ আহিছে। এইক্ষেত্রত বিৰোধীয়েও নিৰ্বাচনৰ সময়ত অৰুণোদয় আঁচনি প্ৰদান কৰাক লৈ আপত্তি তোলে। সেয়েহে এই বিতৰ্কৰ ঊর্ধ্বত গৈ ২০ ফেব্ৰুৱাৰীত অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আগতীয়াকৈ ৮ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে, সেইসকল হিতাধিকাৰীক জানুৱাৰী মাহত অৰুণোদয়ৰ ধন প্ৰদান কৰা নহয়। ফেব্ৰুৱাৰী মাহত একেলগে ৮ হাজাৰ টকা আগতীয়াকৈ ব’হাগ বিহুৰ উপহাৰ হিচাপে বেংক একাউণ্টত জমা কৰা হ’ব। উল্লেখ্য যে অৰুণোদয় আঁচনিৰ ধন জানুৱাৰী, ফেব্ৰুৱাৰী, মার্চ আৰু এপ্রিল মাহৰ পৰিৱৰ্তে একেলগে ২০ ফেব্ৰুৱাৰীত ৮ হাজাৰ টকাকৈ লাভ কৰিব হিতাধিকাৰীয়ে। এই চাৰি মাহৰ অৰুণোদয়ৰ ধনৰ লগতে অতিৰিক্ত তিনি হাজাৰ টকা হিতাধিকাৰীয়ে লাভ কৰিবলৈ সক্ষম হ’ব। মে’ মাহৰ পৰা পুনৰ পূৰ্বৰ দৰেই ১,২৫০ টকাকৈ অৰুণোদয়ৰ ধন লাভ কৰিব। ইফালে মুখ্যমন্ত্রীয়ে জ্যেষ্ঠ নাগৰিকসকলক প্ৰদান কৰি অহা ২৫০ টকাৰ বৃদ্ধ পেন্সন ৪০০ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। জানুৱাৰী মাহৰ পৰা এই বৰ্ধিত হাৰত পেন্সন লাভ কৰিব জ্যেষ্ঠ নাগৰিকসকলে। সত্ৰৰ উদাসীন ভকতসকলে মাহত ১,৫০০ টকাকৈ এক সন্মানৰাশি লাভ কৰিব। আনহাতে যুৱকসকলৰ বাবে নৱবৰ্ষৰ পহিলা দিনটোত বিশেষ আঁচনি ঘোষণা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। বিগত বছৰবোৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহিলাৰ বাবে হিতাধিকাৰী আঁচনিত গুৰুত্ব দি আহিছিল। নিযুত মইনা, লাখপতি বাইদেউৰ পৰা মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি লৈ মহিলাকেন্দ্রিক হিতাধিকাৰী আঁচনিৰে ইতিমধ্যে উপচাই পেলাইছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। কিন্তু এইবাৰ আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ল’ৰা শিক্ষার্থীসকলোকো সামৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নৱবৰ্ষৰ পহিলা জানুৱাৰীত ঘোষণা কৰিলে ‘বাবু’ শীর্ষক বিশেষ নতুন আঁচনি। ‘বাবু’ আঁচনি ঘোষণা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ল’ৰা শিক্ষার্থীক আমি প্ৰদান কৰা প্ৰতিশ্রুতিৰ পূৰণ কৰিব পাৰি আনন্দিত হৈছোঁ। পহিলা ফেব্ৰুৱাৰী মাহৰ পৰা ‘বাবু আঁচনি’ৰ অধীনত প্রথমে যোগ্য বিবেচিত স্নাতকোত্তৰ পঢ়ি থকা ল’ৰা শিক্ষার্থীসকলক প্রতিমাহে ২,০০০ টকা আৰু স্নাতক শিক্ষার্থীসকলক প্রতিমাহে ১,০০০ টকাকৈ তেওঁলোকৰ উচ্চ শিক্ষা আগবঢ়াই নিয়াত সহায়ক হোৱাকৈ প্ৰদান কৰা হ’ব। উল্লেখ্য যে যিবিলাক পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ৪ লাখৰ তলৰ, সেইসকলেহে লাভ কৰিব ‘বাবু আঁচনি’ৰ ধন।
