২০ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত চলিব ইণ্ডিগোৰ ৩খন নতুন বিমান
ৰঙিলী বাৰ্ত্তাসেৱা- উজনিৰ লগতে ডিব্ৰুগড়বাসীলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ। এতিয়াৰে পৰা পুৱাই ডিব্ৰুগড়ৰ মোহনবাৰীৰ পৰা গুৱাহাটীলৈ উৰা মাৰিব বিমান। মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত এক দীর্ঘদিনীয়া অভাৱ পূৰণ হ’ল।ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত কৰা এখন সংবাদ মেলত এই বার্তা দিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রীয়ে কয় যে ইণ্ডিগোরে ৩খন নতুন বিমান চলাচলৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। সেই অনুসৰি ২০ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী-ডিব্ৰুগড় আৰু ডিব্ৰুগড়-গুৱাহাটীৰ মাজত পুৱাৰ ভাগত এখন অতিৰিক্ত বিমান চলিব। কিন্তু বাকী বিমানসেৱা একেই থাকিব, একেধৰণেই অহা-যোৱা চলিব। আনহাতে, ২০ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী-শিলচৰ আৰু শিলচৰ-গুৱাহাটীৰ মাজতো পুৱাৰ ভাগত চলিব বিমান। একেদৰে দিল্লী আৰু যোৰহাটৰ মাজতো এখন পোনপটীয়া বিমান চলিব। তদুপৰি গুৱাহাটী আৰু নবী-মুম্বাইৰ মাজতো অক্টোবৰ-নৱেম্বৰ মাহৰ পৰা আন এখন নতুন বিমান চলাচল কৰিব যদিও চলাচলৰ সঠিক সময় বিমান পৰিবাহী সংস্থাই প্ৰদান কৰা নাই। আনহাতে নিশাৰ ভাগত ডিব্ৰুগড়ৰ পৰা বিমানসেৱাৰ বাবে জনোৱা অনুৰোধ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।