২০ ছেকেণ্ডৰ ৰীলছ – কমলেশ কাঞ্চন

PC - LightMV

২০ ছেকেণ্ডৰ ৰীলছ

স্মাৰ্ট ফোন বিহীন এখন পৃথিৱী কল্পনা কৰিব পাৰি নে? নিশ্চয় নোৱাৰি। আধুনিক পৃথিৱীখনত মানুহে সময়ৰ সৈতে নিজকে আগুৱাই লৈ যাবলৈ হ’লে বহুতো বস্তুৰ প্ৰয়োজন হয়। কিন্তু প্ৰয়োজন হ’লেই জানো সকলো পাব পাৰি! কিন্তু কম খৰচতে আমি এই পৃথিৱীৰ এনেকুৱা কিছুমান বস্তু সংগ্ৰহ কৰিব পাৰো যিটো বৰ্তমান সমাজত বাস কৰা বয়োজেষ্ঠ মানুহে কল্পনা কৰিবই নোৱাৰে। তেনেকুৱা এটা বৰ্তমান সমাজৰ অতি প্ৰয়োজনীয় বস্তু হৈছে স্মাৰ্ট ফোন। এই স্মাৰ্ট ফোনৰ জৰিয়তে সমগ্ৰ বিশ্বৰ খৱৰ প্ৰতি মুহূৰ্ততে পাই থাকিবলৈ সক্ষম হয়। ফোন কৰাৰ উপৰিও বিভিন্ন জনে বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছে এই স্মাৰ্ট ফোন। স্মাৰ্ট ফোন অবিহনে বৰ্তমান সমাজখন আগুৱাই যোৱাৰ কথা কল্পনাই কৰিব নোৱাৰি।বৰ্তমান বিশ্বৰ জনপ্ৰিয় ৰাজনৈতিক, ব্যৱসায়ী, খেলুৱৈ, সাহিত্যিক, অভিনেতা-অভিনেত্রী, গায়ক-গায়িকা আদি সকলোৱে দামী দামী কোম্পানীৰ স্মাৰ্ট ফোন ব্যৱহাৰ কৰে। তেওঁলোকৰ বিভিন্ন খৱৰ তথা নতুন পৰিকল্পনা সকলো সময়তে জনসাধাৰণক জনাই থাকে। এটা স্মাৰ্ট ফোনত থকা জনপ্ৰিয় সামাজিক মাধ্যম যেনে-ফেচবুক, হোৱাটছএপপ, টুইটাৰ, ইনষ্টাগ্ৰাম, ৰীলছ আদিৰ জৰিয়তে জনপ্ৰিয় ব্যক্তি সকল সদায় তেওঁলোকৰ গুণগ্ৰাহী সমৰ্থক সকলৰ সৈতে জৰিত হৈ থাকে। আধুনিকতাই যেনেকৈ মানুহৰ জীৱন ধাৰণ সুচল কৰে ঠিক তেনেকৈ অত্যাধুনিকতাই মানুহক বহুতো ক্ষতি কৰে। অতিপাত স্মাৰ্ট ফোন ব্যৱহাৰৰ ফলত ছাত্র-ছাত্রীৰ অধ্যয়নত ব্যাঘাত জন্মিছে। বহুতৰে সংসাৰত নামি আহিছে কাল অমানিশা। সমাজত বিভিন্ন অপৰাধৰ ঘটনা ঘটিছে। অৱশ্যে সকলো অপৰাধৰ কাৰণ স্মাৰ্ট ফোনৰ ব্যৱহাৰ হ’বই নোৱাৰে। কিন্তু য়ুটুব বা ফেচবুকত পোৱা বিভিন্ন অপৰাধ মূলক কাহিনীৰ ছৱিয়ে অপৰাধীক প্ৰেৰিত কৰে। তাৰ উদাহৰণ কিছুদিন আগতে হৈ যোৱা দিল্লীৰ আফটাব পুনাৱালা নামৰ অপৰাধীয়ে কৰা অপৰাধে হওক বা গুৱাহাটীৰ বন্দনা কলিতাৰ ডাবল মাৰ্ডাৰৰ ঘটনাই হওক। এনেধৰণৰ ঘটনা সম্বলিত চুটী ভিডিঅৰ ছৱি ফেচবুকৰ ভিডিঅ’ বা য়ুটুবৰ ভিডিঅ’ত উপলব্ধ থাকে। গতিকে অপৰাধী প্ৰেৰিত নহয় বুলি ক’ব নোৱাৰি।এতিয়া আহিছোঁ যুৱ সমাজৰ মাজলৈ। বৰ্তমান যুৱ সমাজৰ আটাইতকৈ প্ৰিয় বিষয়টোই হৈছে এটা ২০ ছেকেণ্ড বা ৩০ ছেকেণ্ডৰ ৰীলছ বনোৱা। ৰীলছ বনোৱাৰ ক্ষেত্রত যুৱ সমাজৰ লগতে প্ৰাপ্ত বয়স্ক সকলো পিছপৰি থকা নাই। বিশেষকৈ বৰ্তমান মাধ্যমিক বিদ্যালয়ৰ পৰা আদিকৰি মহাবিদ্যালয় পৰ্যায়ৰ ছাত্র-ছাত্রীৰ মাজত এই ৰীলছ বনোৱা কাৰ্যটো বেছি জনপ্ৰিয় হৈছে। যুৱ প্ৰজন্মৰ কিছুমান যুৱক-যুৱতীক জনপ্ৰিয়তা অৰ্জনৰ কাৰণে ইমানেই উদ্বাউল হোৱা দেখা যায় যে কেতিয়াবা দলংৰ ওপৰত, কেতিয়াবা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত আনকি কেতিয়াবা অতি বিপদজনক ঠাইটো ৰীলছ বনোৱা দেখা  যায়।  ৰীলছ বনাবলৈ যাওঁতে কেতিয়াবা মৃত্যু মুখটো পৰা দেখা গৈছে। তাৰোপৰি ৰাজহুৱা উদ্যানবোৰত তিনি চাৰিটা ল’ৰা-ছোৱালী লগ হৈ ওচৰত কোন আছে কোন নাই খৱৰ নকৰি বিভিন্ন ভংগীমাত নৃত্য কৰি থকা দেখা যায়। ওচৰতে থকা ব্যক্তি কেইজনে পৰিৱেশটো কেনেকুৱা অনুভৱ কৰে তালৈ সিহঁতৰ ভ্ৰুক্ষেপ নাই। ৰাজহুৱা উদ্যানবোৰ শিশু আৰু বৃদ্ধ সকলোৰ বাবে যন্ত্রনাদায়ক হৈ পৰে। এইক্ষেত্রত ৰীলছ বনোৱা উদীয়মান যুৱক-যুৱতী সকলক অনুৰোধ জনাওঁ যে ৰীলছ বনোৱাৰ সময়ত যেন চৌপাশৰ পৰিৱেশটো ভালদৰে অধ্যয়ন কৰে। আপোনালোকৰ বাবে যেন সমাজৰ অন্য মানুহৰ অসুবিধা নহয়। এই ছেগতে অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা মহোদয়কো ৰীলছ বনোৱা বিষয়টোই উৎপন্ন কৰা সমস্যাটো গুৰুত্ব সহকাৰে লৈ সমাধান কৰিবলৈ অনুৰোধ জনালোঁ।

কমলেশ কাঞ্চন