২০৩৬ চনলৈ ভাৰতৰ জনসংখ্যা হ’বগৈ ১৫২.২ কোটি

২০৩৬ চনলৈ ভাৰতৰ জনসংখ্যা হ’বগৈ ১৫২.২ কোটি

ৰঙিলী বাৰ্ত্তাসেৱা-  জনসংখ্যা বিস্ফোৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভাৰতত। চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশলৈ ৰূপান্তৰ হোৱা ভাৰতৰ জনসংখ্যা শীঘ্ৰেই আৰু অধিক বৃদ্ধি পাব।শেহতীয়াকৈ জনসংখ্যা বৃদ্ধিক লৈ পুনৰ উদ্বেগজনক তথ্য প্ৰকাশ কৰিলে ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰণালয়ে।১২ বছৰৰ ভিতৰত ভাৰতৰ মুঠ জনসংখ্যা হ’বগৈ ১৫২.২ কোটি। তাৰোপৰি অহা ১২ বছৰত ভাৰতত মহিলাৰ সংখ্যাও বৃদ্ধি পাব।মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি আগন্তুক ১২ বছৰত ভাৰতত মহিলাৰ সংখ্যা সামান্য হ’লেও বৃদ্ধি পাব। ”অ’মেন এণ্ড মেন ইন ইণ্ডিয়া ২০২৩” শীৰ্ষক প্ৰতিবেদনত উল্লেখে কৰা অনুসৰি ২০৩৬ চনলৈ ভাৰতৰ জনসংখ্যা ১৫২.২ কোটি হোৱাৰ সম্ভাৱনা আছে। ২০১১ চনৰ ফেব্ৰুৱাৰীত যেতিয়া পূৰ্বৰ ৰাষ্ট্ৰীয় লোকপিয়ল অনুষ্ঠিত হৈছিল, তেতিয়া ভাৰতৰ জনসংখ্যা ১,২১, ০৮,৫৪,৯৭৭ গৰাকী হোৱা দেখা গৈছিল। ”অ’মেন এণ্ড মেন ইন ইণ্ডিয়া ২০২৩”প্ৰতিবেদনত কয়, ‘এই প্ৰতিবেদন হৈছে এক বিস্তৃত আৰু অন্তৰ্দৃষ্টিসম্পন্ন দস্তাবেজ যিয়ে ভাৰতৰ পুৰুষ আৰু মহিলাৰ পৰিস্থিতিৰ এক সামগ্ৰিক দৃষ্টিভংগী আনিবলৈ চেষ্টা কৰে আৰু বিভিন্ন বিষয়ৰ তথ্য প্ৰদান কৰে। ইয়াৰ পৃথক তথ্যই পুৰুষ আৰু মহিলাৰ বিভিন্ন গোটৰ মাজত থকা বৈষম্যবোৰ বুজাতো সহায় কৰে।’”অ’মেন এণ্ড মেন ইন ইণ্ডিয়া ২০২৩” শীৰ্ষক প্ৰতিবেদনত উল্লেখে কৰা অনুসৰি ২০১১ চনত ভাৰতত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা আছিল ৪৮.৫ শতাংশ। এইবাৰ সেই সংখ্যা বৃদ্ধি হৈ ৪৮.৮ শতাংশত উপনীত হৈছে। প্ৰতিবেদনখনত উল্লেখ কৰা মতে ২০১১ চনত ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ৯৪৩ গৰাকী। ২০২৬ চনত সেই সংখ্যা বৃদ্ধি হৈ ১০০০ পুৰুষৰ বিপৰীতে ৯৫২ গৰাকী মহিলা হব। সেইদৰেই প্ৰতিবেদনখনৰ মতে ২০৩৬ চনত ১৫ বছৰৰ তলৰ কিশোৰ-কিশোৰী, শিশুৰ মাজৰ লীংগ ভিত্তিক এই প্ৰাৰ্থক্য অধিক হ্ৰাস পাব। অৱশ্যে বৃদ্ধি পাব ৬০ বছৰৰ উৰ্ধ্বৰ পুৰুষ-মহিলাৰ ব্যৱধান। প্ৰকাশিত প্ৰতিবেদনখনৰ মতে ২০১৬ চনত ২০ ৰ পৰা ২৪ বছৰৰ মহিলাৰ প্ৰজননৰ হাৰ আছিল ১৩৫.৪। ২০২০ চনত সেই হ্ৰাস পাইছে ১১৩.৬ লৈ। ২০১৬ চনত ২৫ ৰ পৰা ২৯ বছৰ মহিলাৰ প্ৰজননৰ হাৰ আছিল ১৬৬.০। ২০২০ চনত সেই হাৰ হ্ৰাস পাইছে ১৩৯৯.৬ লৈ।